Saturday, February 11, 2017

দমকল

আমাৰ পুৰণা ঘৰত এটা দমকল আছিল । দমকলটো আমাৰ জীৱনৰ এটা অপৰিহাৰ্য অংগ আছিল । কাপোৰ ধুৱা, বাচন ধুৱা, গা ধুৱা এইবিলাক কামৰ কেন্দ্ৰবিন্দু আছিল সেই দমকলটো । বছৰত দুবাৰ মান দমকলটোৰ ৱাচাৰ পৰিছিল । ৱাচাৰ পৰিলে দমকল 'মাৰিলেও' পানী নোলায় । ৱাচাৰ সলনি কৰাত পিতা পাকৈত আছিল । ঘৰত সদায় এটা স্পেয়াৰ ৱাচাৰ থাকিছিল । দমকলটোৰ পিষ্টন উলিয়াই ৱাচাৰ সলনি কৰা কামটো এটা সৰুসুৰা অপাৰেচনৰ নিচিনা আছিল । আৰু পিতাৰ এই কামটোৰ দক্ষতা চুবুৰীত জনাজাত আছিল । দমকল ইমাৰজেন্সিত পিতা আছিল চুবুৰীৰ দেৱদূত ।
নতুন ৱাচাৰ লগোৱাৰ পাছত কেইদিনমান দমকল 'মাৰা' কামটো অলপ কষ্টকৰ হৈছিল ।
প্ৰত্যেক দুই তিনি বছৰত ভাল পানী ওলাবলৈ দমকলটোৰ তলত নতুন পাইপ লগোৱা হৈছিল । পাইপ লগাব অহা মানুহ কেইজনৰ কাৰুকাৰ্য্য মই পুৰা দিন বহি বহি চাইছিলোঁ । লোহাৰ শিকলি লগোৱা এডাল প্ৰকাণ্ড ৰেন্স ব্যৱহাৰ কৰি এজন মানুহে পাইপ ধৰি থাকে । আন দুজনে দমকল 'মাৰাৰ' নিচিনা মাৰি মাৰি পাইপডাল হেঁচি বহুৱাই দিয়ে । চতুৰ্থ মানুহজনে পাইপৰ মুখ খন হাতেৰে বন্ধ কৰি থয় আৰু হেঁচি বহুৱাই দিয়াৰ সময়ত এক অদ্ভুত কায়দাত সলোপকৈ অলপ পানী উলিয়াই দিয়ে । এটা ছন্দত হৈ থকা গোটেই প্ৰক্ৰিয়াটোৰ এক অদ্ভুত সন্মোহিনী শক্তি আছিল । বিশেষকৈ সলোপ সলোপকৈ পানী ওলোৱা প্ৰক্ৰিয়াটোত মই ইমানেই ৰস পাইছিলোঁ যে ডাঙৰ হৈ সেইটো বৃত্তিগত পেছা হিচাবে লম বুলি ঠিক কৰিছিলোঁ ।
এতিয়া সেই দমকলো নাই আৰু সেই ইচ্ছাও নাই ।

মই পানবজাৰ যাম

মাহেন্দ্ৰনাথ ডেকাফুকণ হোষ্টেল, কটন কলেজ । মই নতুন আবাসী । মানে মক্কেল । ক্লাছ নথকা সময়ত গলত গামোচা, হাতত বহী এখন লৈ ছিনিয়ৰ লগত চিনাকি হোৱা পৰ্ব । বহী খনত ছিনিয়ৰ জনে নাম আৰু ঠিকনা লিখি দিয়াৰ বিনিময়ত অলপ ৰেগিং কৰে । অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ তুলনাত তাক ৰেগিং বুলি কব নোৱাৰি । তথাপি বিচনাৰ তলত মাইকী মহ বিচৰা, কাল্পনিক প্ৰেয়সীৰ বৰ্ণনা দিয়া, কথিত ভাষাত কৌতুক কোৱা কাৰবাৰটো মোৰ কাৰণে নতুন আছিল । এদিন দাদা এজনৰ লগত মোৰ আৰু মেলুৰ চিনাকি পৰ্ব চলি আছে । দাদা জনে অলপ বেছি ৰেগিং কৰে বুলি মক্কেল বিলাকৰ মাজত প্ৰবাদ আছিল । কথাৰ কথাত তেখেতে গম পালে যে মেলুয়ে অসমীয়াত লেটাৰ পাই আহিছে । লগে লগে আৰম্ভ হল অসমীয়া ব্যাকৰণৰ ওপৰত প্ৰশ্ন । প্ৰশ্নও প্ৰশ্ন সাংঘাতিক প্ৰশ্ন - "মই পানবজাৰ যাম" এই বাক্যটো কোনো ধৰণৰ নঞৰ্থক শব্দ ব্যৱহাৰ নকৰাকে বিপৰীত বাক্যত পৰিণত কৰিব লাগে। শুদ্ধ উত্তৰ দিলেই দাদাই নিজৰ নাম ঠিকনা লিখি দিব । মেলু আৰু মই উত্তৰ ভাবি ভাবি হাইৰাণ । সি কিবা এটা উত্তৰ দিয়ে আৰু গালি খাই । মই কিবা এটা কওঁ, আৰু "হাই হাই, কটন কলেজৰ ষ্টেণ্ডাৰ্ড নোহোৱা হৈ গল" ধৰণৰ বাক্যবান পাওঁ । দুঘণ্টা মান চেষ্টা কৰি আমাৰ অৱস্থা দেখি দাদাৰ মন মুকলিল । তেখেতে দিয়া শুদ্ধ উত্তৰটো মোৰ আজিও মনত আছে - মই পানবজাৰ ঘণ্টা যাম ।

Monday, January 30, 2017

কাবুলিৱালা

অভিনেতা । গুৱাহাটীৰ পৰা নলবাৰী যোৱা শেষ বাছ । মিছ কৰিলে কাৰোবাৰ ঘৰত আলহী হোৱাৰ বাহিৰে বেলেগ উপায় নাই । বাছত থিয় হব জাগা নাই । হেণ্ডিমেনৰ লগত দৰ্জাত ওলমি 10 বজাত নলবাৰী আহি পাইছোঁ । দুখন মান ৰিক্সা অভিনেতাৰ কাৰণে ৰখি আছে । সেই ৰিক্সাৰ কেৰাচিন তেলৰ হেডলাইট কেইটাৰ বাহিৰে চাৰিওফালে সম্পূৰ্ণ অন্ধকাৰ । দোকান পোহাৰ বন্ধ । সদায় অহা যোৱা কৰা মানুহ কেইজনে ৰিক্সা মেনেজ কৰি গুচি গল । বাকী বোৰে পাদব্ৰজে যাত্ৰা আৰম্ভ কৰিছে । বিদ্যাপুৰ, গোপাল বজাৰ, শান্তিপুৰ লৈ । ময়ো যোগ দিলোঁ । ডিচেম্বৰ মাহ । চাৰিওফালে কুঁৱলী, লগত অন্ধকাৰ । কল্পনা ষ্টুডিও পাৰ হৈ চাওঁ যে লগত আৰু কোনো নাই । কিহৰ ভয় হা চেংৰা চলি, নিজকে তেনেকুৱা এটা সান্তনা দি গৈ আছোঁ । ইছলাম চুপা পাৰ হওঁ হওঁ । তেনেতে ৰাস্তাৰ কাষৰ ঘৰ এটাৰ বাহিৰত এটা প্ৰকাণ্ড দানৱ । সাত ফুট মান ওখ । বৃহতাকাৰ । ৰাস্তাৰ মাজতে মোৰ হাত ভৰি জঠৰ হৈ গল । এনে লাগিল যেন সেই প্ৰকাণ্ড ছাঁয়ামূৰ্তি আহি মোক খাই পেলাব । ভয়তে আগ পিছ নাচাই মাৰিলো দৌৰ । ৰাস্তা আছিল শিলৰ, তাতে এন্ধাৰ । দুখোজ গৈয়ে.........ধৰাম । মই কি হৈছে বুজাৰ আগতে প্ৰকাণ্ড ছাঁয়ামূৰ্তি সন্মুখত হাজিৰ । ভয়তে মুখেৰে ওলাই গল এটা প্ৰচণ্ড চিৎকাৰ । দানৱটোৱে মোৰ চিৎকাৰ উপেক্ষা কৰি মোক দাঙি ধৰি থিয় কৰাই দিলে । তাৰ পাছত সি আধা হিন্দী, আধা অসমীয়াত যেতিয়া মই ঠিকে আছোঁনে সুধিলে তেতিয়াহে মনত পৰিল, আৰে এইখিনিতে এটা কাবুলিৱালা থাকে ।
মই ভয় খোৱা কাৰণে বেচেৰাই সিদিনা বৰ লাজ পাইছিল আৰু মোক ঘৰলৈ আগবঢ়াই থৈ আহিছিল । কাবুলৰ পৰা নলবাৰীলৈ অহাৰ কাহিনী কৈছিল । আৰু মই ধন্যবাদ দিয়াৰ আগতে আন্ধাৰত বিলীন হৈ গৈছিল ।

Thursday, November 17, 2016

গুলাব জামুন

গুলাব জামুনৰ পিনে আঙুলি দেখাই 'লাল মোহন দেনা' বুলি কওঁতে কওঁতে গুৰগাঁওৰ মিঠাই দোকানীয়েও চিনি পোৱা হৈ গৈছে ।

জন লেনানের সোচ্ছাৰ ভালোবাসা

জন লেনানের সোচ্ছাৰ ভালোবাসা, ববী ডীলানের অভিমান.......
নো মোৰ অভিমান । অফিচৰ বেছিভাগে পাঞ্জাবী গান শুনা মানুহ । বব ডীলান কোন পাত্তাই নাপাই । দুটা মান ডেকা লৰা আছে, পিংক ফ্লয়ড লিখা টি চাৰ্ট পিন্ধি আহে । খবৰটো পাই ভাল লাগিল কাৰণে সিহঁতক কলো । দুয়ো বেঙামেলি চাই থাকিল । মই লাহেকৈ 'জন লেনানের সোচ্ছাৰ ভালোবাসা, ববী ডীলানের অভিমান' গাই আঁতৰি আহিলোঁ

Monday, October 10, 2016

প্ৰতিধ্বনি

2010 মানৰ কথা । সৰু ছোৱালীৰ বয়স তেতিয়া দুবছৰ । এটা ভাল আনকমন নামৰ অভাৱত তাইৰ নামাকৰণ কৰা হোৱা নাছিল ।

তেনেকুৱা সময়তে এদিন শনিবাৰে মই অলপ পাৰ্টি কৰিম বুলি অকলে বহিলোঁ । দহটা মান বজাত মাক জীয়েক বিচনাত উঠিল । মোৰ আকৌ ভূপেনদাৰ গান শুনাৰ মুদ আছিল । গতিকে মই শুব নগৈ গান শুনাত লাগিলোঁ । ৰাতি এটা বজাত হঠাৎ ভূপেনদাৰ গানৰ এটা শব্দই মোক হিলাই দিলে । প্ৰতিধ্বনি । আৰে ৱাহ, এইটো দেখোন সৰু ছোৱালীৰ নাম হব পাৰে ।

উত্তেজিত হৈ মাজৰাতি এওঁক উঠাই দিলোঁ । ৰাতি এটা বজাত উঠোৱা কাৰণে খং উঠিছিল যদিও ভাল নাম পোৱা বুলি শুনি অলপ ঠাণ্ডা হল । ৰাতি খন উঠাইছা চো ইটছ বেতাৰ বি গুড টাইপ চাৱনি এটা দি তেওঁ নামটো শুনিলে । তাৰ পাছত কিবা হিচাব কৰিলে । মই বোলো কেনে পালা । এওঁ ভেকাহি মাৰি উঠিল, "এঘৰতা আখৰৰ নাম । ছোৱালীয়ে আজিলৈকে তিনিটা আখৰৰ শব্দই উচ্চাৰণ কৰিব নোৱাৰে । এইটো নাম থলে পোন্ধৰ বছৰ মানলৈ নামটোকে কব নোৱাৰিব । বেলেগ কাম নাই যদি শুই থাকা"

ময়ো পিছে এৰি দিয়া ভকত নহয় । মাকে ৰিজেক্ট কৰিলে কি হল, ছোৱালী আছে নহয় । শুই থকা ছোৱালীৰ কাণৰ কাষত গৈ তিনিবাৰ মান প্ৰতিধ্বনি বুলি মাতি দিলোঁ । সেই মূহূৰ্তত মোৰ এনে লাগিছিল যেন তাই উঠি বহি কব - ৱাহ পাপা,  কি ধুনীয়া নাম । কিন্তু মোৰ ফুটা কপাল - তাই আৰম্ভ কৰি দিলে ভয়ঙ্কৰ কান্দোন ।

চোফাত ৰাতি শুই কেনে লাগে সিদিনা মই আবিষ্কাৰ কৰিছিলোঁ ।

কাত্তি



তিনি দিনৰ পৰা আমাৰ মাতবোল নাই । কাজিয়া খন কিয় লাগিছিল মনত নাই, কিন্তু মোৰ যে দোষ নাই মই জানো। দোষ থাকিলেও মই কেতিয়াও স্বীকাৰ নকৰোঁ। স্বীকাৰ কৰিলেও ক্ষমা নোখোজোঁ । যোৱা তিনিদিন আমি ছোৱালী জনীৰ মাধ্যমেৰে কথা পাতি আছোঁ । মই যদি কওঁ "মাজনী ভাত দিয়া বুলি ক" , তেওঁ কয় "মাজনী মোৰ মোজা কত আছে" । ইত্যাদি ইত্যাদি ।

সাধাৰণতে তেওঁ ইমান লাগি থকা মানুহ নহয় । ৰাতিপুৱা কাজিয়া কৰি ৰাতি মোৰ কাৰণে গীফ্ট লৈ অহা মানুহ । এইবাৰ দেখোন তিনিদিনলৈ গোমোঠা মাৰি আছে । থাকিলেও থাকিল । ইতিহাসত মাইকী মানুহে ভুল স্বীকাৰ কৰি ক্ষমা খোজাৰ উদাহৰণ নাই । মইনো কিয় ব্যতিক্ৰম হম ।
 

আজি ৰাতিপুৱা মই ব্ৰেকফাষ্ট টেবুলত দি চোফাত বহি আছোঁ । তেওঁ খাই অফিচ গলে মই বাকী কাম কৰিম । পিছে মহাৰাজ ইফালে সিফালে ঘূৰি ফুৰিছে । চাৰ্ট পেন্ট পিন্ধি আছে, মানে মোজা বা ৰুমাল বিচাৰি পোৱা নাই । দুয়োটা বস্তু মই বিচনাত দেখাকে থৈ দিছিলোঁ । তথাপিও ৰাইজ বিচৰাত ব্যস্ত । বিচাৰি বিচাৰি মোৰ ওচৰ পাই ইংগিত দিলে, মই উঠিব লাগে । কিনো এনে বস্তু বিচাৰি আছে । খঙতে মুখেৰে ওলাই গল "কি বিচাৰি আছা হে" । তেওঁ মিচিকিয়া হাঁহি মাৰি কলে, "পালোঁ দিয়া, তোমাৰ মাতসাৰ বিচাৰি আছিলোঁ" । মানুহ জনৰ যে কাণ্ড । মোৰো হাঁহি উঠি গল । মোৰ হাঁহি দেখি তেওঁ বেঙাৰ নিচিনা হাঁহি কলে "বোনাচ হিচাবে তোমাৰ হাঁহিও পাই গলো" । ৰাতিপুৱাই মহাৰাজলৈ মৰম লাগি গল । থিয় হৈ গালত চুমা এটা খাবলৈ পালোঁ কি নাই, জীৱৰীয়ে চিঞৰ আৰম্ভ কৰিলেই নহয়, "পাপা মামাৰ কাত্তি দোষ্টি হৈ গল"