Monday, October 10, 2016

কাত্তি



তিনি দিনৰ পৰা আমাৰ মাতবোল নাই । কাজিয়া খন কিয় লাগিছিল মনত নাই, কিন্তু মোৰ যে দোষ নাই মই জানো। দোষ থাকিলেও মই কেতিয়াও স্বীকাৰ নকৰোঁ। স্বীকাৰ কৰিলেও ক্ষমা নোখোজোঁ । যোৱা তিনিদিন আমি ছোৱালী জনীৰ মাধ্যমেৰে কথা পাতি আছোঁ । মই যদি কওঁ "মাজনী ভাত দিয়া বুলি ক" , তেওঁ কয় "মাজনী মোৰ মোজা কত আছে" । ইত্যাদি ইত্যাদি ।

সাধাৰণতে তেওঁ ইমান লাগি থকা মানুহ নহয় । ৰাতিপুৱা কাজিয়া কৰি ৰাতি মোৰ কাৰণে গীফ্ট লৈ অহা মানুহ । এইবাৰ দেখোন তিনিদিনলৈ গোমোঠা মাৰি আছে । থাকিলেও থাকিল । ইতিহাসত মাইকী মানুহে ভুল স্বীকাৰ কৰি ক্ষমা খোজাৰ উদাহৰণ নাই । মইনো কিয় ব্যতিক্ৰম হম ।
 

আজি ৰাতিপুৱা মই ব্ৰেকফাষ্ট টেবুলত দি চোফাত বহি আছোঁ । তেওঁ খাই অফিচ গলে মই বাকী কাম কৰিম । পিছে মহাৰাজ ইফালে সিফালে ঘূৰি ফুৰিছে । চাৰ্ট পেন্ট পিন্ধি আছে, মানে মোজা বা ৰুমাল বিচাৰি পোৱা নাই । দুয়োটা বস্তু মই বিচনাত দেখাকে থৈ দিছিলোঁ । তথাপিও ৰাইজ বিচৰাত ব্যস্ত । বিচাৰি বিচাৰি মোৰ ওচৰ পাই ইংগিত দিলে, মই উঠিব লাগে । কিনো এনে বস্তু বিচাৰি আছে । খঙতে মুখেৰে ওলাই গল "কি বিচাৰি আছা হে" । তেওঁ মিচিকিয়া হাঁহি মাৰি কলে, "পালোঁ দিয়া, তোমাৰ মাতসাৰ বিচাৰি আছিলোঁ" । মানুহ জনৰ যে কাণ্ড । মোৰো হাঁহি উঠি গল । মোৰ হাঁহি দেখি তেওঁ বেঙাৰ নিচিনা হাঁহি কলে "বোনাচ হিচাবে তোমাৰ হাঁহিও পাই গলো" । ৰাতিপুৱাই মহাৰাজলৈ মৰম লাগি গল । থিয় হৈ গালত চুমা এটা খাবলৈ পালোঁ কি নাই, জীৱৰীয়ে চিঞৰ আৰম্ভ কৰিলেই নহয়, "পাপা মামাৰ কাত্তি দোষ্টি হৈ গল" 

No comments: