Saturday, February 11, 2017

দমকল

আমাৰ পুৰণা ঘৰত এটা দমকল আছিল । দমকলটো আমাৰ জীৱনৰ এটা অপৰিহাৰ্য অংগ আছিল । কাপোৰ ধুৱা, বাচন ধুৱা, গা ধুৱা এইবিলাক কামৰ কেন্দ্ৰবিন্দু আছিল সেই দমকলটো । বছৰত দুবাৰ মান দমকলটোৰ ৱাচাৰ পৰিছিল । ৱাচাৰ পৰিলে দমকল 'মাৰিলেও' পানী নোলায় । ৱাচাৰ সলনি কৰাত পিতা পাকৈত আছিল । ঘৰত সদায় এটা স্পেয়াৰ ৱাচাৰ থাকিছিল । দমকলটোৰ পিষ্টন উলিয়াই ৱাচাৰ সলনি কৰা কামটো এটা সৰুসুৰা অপাৰেচনৰ নিচিনা আছিল । আৰু পিতাৰ এই কামটোৰ দক্ষতা চুবুৰীত জনাজাত আছিল । দমকল ইমাৰজেন্সিত পিতা আছিল চুবুৰীৰ দেৱদূত ।
নতুন ৱাচাৰ লগোৱাৰ পাছত কেইদিনমান দমকল 'মাৰা' কামটো অলপ কষ্টকৰ হৈছিল ।
প্ৰত্যেক দুই তিনি বছৰত ভাল পানী ওলাবলৈ দমকলটোৰ তলত নতুন পাইপ লগোৱা হৈছিল । পাইপ লগাব অহা মানুহ কেইজনৰ কাৰুকাৰ্য্য মই পুৰা দিন বহি বহি চাইছিলোঁ । লোহাৰ শিকলি লগোৱা এডাল প্ৰকাণ্ড ৰেন্স ব্যৱহাৰ কৰি এজন মানুহে পাইপ ধৰি থাকে । আন দুজনে দমকল 'মাৰাৰ' নিচিনা মাৰি মাৰি পাইপডাল হেঁচি বহুৱাই দিয়ে । চতুৰ্থ মানুহজনে পাইপৰ মুখ খন হাতেৰে বন্ধ কৰি থয় আৰু হেঁচি বহুৱাই দিয়াৰ সময়ত এক অদ্ভুত কায়দাত সলোপকৈ অলপ পানী উলিয়াই দিয়ে । এটা ছন্দত হৈ থকা গোটেই প্ৰক্ৰিয়াটোৰ এক অদ্ভুত সন্মোহিনী শক্তি আছিল । বিশেষকৈ সলোপ সলোপকৈ পানী ওলোৱা প্ৰক্ৰিয়াটোত মই ইমানেই ৰস পাইছিলোঁ যে ডাঙৰ হৈ সেইটো বৃত্তিগত পেছা হিচাবে লম বুলি ঠিক কৰিছিলোঁ ।
এতিয়া সেই দমকলো নাই আৰু সেই ইচ্ছাও নাই ।

মই পানবজাৰ যাম

মাহেন্দ্ৰনাথ ডেকাফুকণ হোষ্টেল, কটন কলেজ । মই নতুন আবাসী । মানে মক্কেল । ক্লাছ নথকা সময়ত গলত গামোচা, হাতত বহী এখন লৈ ছিনিয়ৰ লগত চিনাকি হোৱা পৰ্ব । বহী খনত ছিনিয়ৰ জনে নাম আৰু ঠিকনা লিখি দিয়াৰ বিনিময়ত অলপ ৰেগিং কৰে । অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ তুলনাত তাক ৰেগিং বুলি কব নোৱাৰি । তথাপি বিচনাৰ তলত মাইকী মহ বিচৰা, কাল্পনিক প্ৰেয়সীৰ বৰ্ণনা দিয়া, কথিত ভাষাত কৌতুক কোৱা কাৰবাৰটো মোৰ কাৰণে নতুন আছিল । এদিন দাদা এজনৰ লগত মোৰ আৰু মেলুৰ চিনাকি পৰ্ব চলি আছে । দাদা জনে অলপ বেছি ৰেগিং কৰে বুলি মক্কেল বিলাকৰ মাজত প্ৰবাদ আছিল । কথাৰ কথাত তেখেতে গম পালে যে মেলুয়ে অসমীয়াত লেটাৰ পাই আহিছে । লগে লগে আৰম্ভ হল অসমীয়া ব্যাকৰণৰ ওপৰত প্ৰশ্ন । প্ৰশ্নও প্ৰশ্ন সাংঘাতিক প্ৰশ্ন - "মই পানবজাৰ যাম" এই বাক্যটো কোনো ধৰণৰ নঞৰ্থক শব্দ ব্যৱহাৰ নকৰাকে বিপৰীত বাক্যত পৰিণত কৰিব লাগে। শুদ্ধ উত্তৰ দিলেই দাদাই নিজৰ নাম ঠিকনা লিখি দিব । মেলু আৰু মই উত্তৰ ভাবি ভাবি হাইৰাণ । সি কিবা এটা উত্তৰ দিয়ে আৰু গালি খাই । মই কিবা এটা কওঁ, আৰু "হাই হাই, কটন কলেজৰ ষ্টেণ্ডাৰ্ড নোহোৱা হৈ গল" ধৰণৰ বাক্যবান পাওঁ । দুঘণ্টা মান চেষ্টা কৰি আমাৰ অৱস্থা দেখি দাদাৰ মন মুকলিল । তেখেতে দিয়া শুদ্ধ উত্তৰটো মোৰ আজিও মনত আছে - মই পানবজাৰ ঘণ্টা যাম ।

Monday, January 30, 2017

কাবুলিৱালা

অভিনেতা । গুৱাহাটীৰ পৰা নলবাৰী যোৱা শেষ বাছ । মিছ কৰিলে কাৰোবাৰ ঘৰত আলহী হোৱাৰ বাহিৰে বেলেগ উপায় নাই । বাছত থিয় হব জাগা নাই । হেণ্ডিমেনৰ লগত দৰ্জাত ওলমি 10 বজাত নলবাৰী আহি পাইছোঁ । দুখন মান ৰিক্সা অভিনেতাৰ কাৰণে ৰখি আছে । সেই ৰিক্সাৰ কেৰাচিন তেলৰ হেডলাইট কেইটাৰ বাহিৰে চাৰিওফালে সম্পূৰ্ণ অন্ধকাৰ । দোকান পোহাৰ বন্ধ । সদায় অহা যোৱা কৰা মানুহ কেইজনে ৰিক্সা মেনেজ কৰি গুচি গল । বাকী বোৰে পাদব্ৰজে যাত্ৰা আৰম্ভ কৰিছে । বিদ্যাপুৰ, গোপাল বজাৰ, শান্তিপুৰ লৈ । ময়ো যোগ দিলোঁ । ডিচেম্বৰ মাহ । চাৰিওফালে কুঁৱলী, লগত অন্ধকাৰ । কল্পনা ষ্টুডিও পাৰ হৈ চাওঁ যে লগত আৰু কোনো নাই । কিহৰ ভয় হা চেংৰা চলি, নিজকে তেনেকুৱা এটা সান্তনা দি গৈ আছোঁ । ইছলাম চুপা পাৰ হওঁ হওঁ । তেনেতে ৰাস্তাৰ কাষৰ ঘৰ এটাৰ বাহিৰত এটা প্ৰকাণ্ড দানৱ । সাত ফুট মান ওখ । বৃহতাকাৰ । ৰাস্তাৰ মাজতে মোৰ হাত ভৰি জঠৰ হৈ গল । এনে লাগিল যেন সেই প্ৰকাণ্ড ছাঁয়ামূৰ্তি আহি মোক খাই পেলাব । ভয়তে আগ পিছ নাচাই মাৰিলো দৌৰ । ৰাস্তা আছিল শিলৰ, তাতে এন্ধাৰ । দুখোজ গৈয়ে.........ধৰাম । মই কি হৈছে বুজাৰ আগতে প্ৰকাণ্ড ছাঁয়ামূৰ্তি সন্মুখত হাজিৰ । ভয়তে মুখেৰে ওলাই গল এটা প্ৰচণ্ড চিৎকাৰ । দানৱটোৱে মোৰ চিৎকাৰ উপেক্ষা কৰি মোক দাঙি ধৰি থিয় কৰাই দিলে । তাৰ পাছত সি আধা হিন্দী, আধা অসমীয়াত যেতিয়া মই ঠিকে আছোঁনে সুধিলে তেতিয়াহে মনত পৰিল, আৰে এইখিনিতে এটা কাবুলিৱালা থাকে ।
মই ভয় খোৱা কাৰণে বেচেৰাই সিদিনা বৰ লাজ পাইছিল আৰু মোক ঘৰলৈ আগবঢ়াই থৈ আহিছিল । কাবুলৰ পৰা নলবাৰীলৈ অহাৰ কাহিনী কৈছিল । আৰু মই ধন্যবাদ দিয়াৰ আগতে আন্ধাৰত বিলীন হৈ গৈছিল ।