প্ৰত্যেক
পিতৃ-মাতৃয়েই যথেষ্ট চিন্তা চৰ্চা কৰি নিজৰ সন্তানৰ বাবে এটা নাম বাচনি কৰে আৰু এদিন তেওঁলোকে সন্তানক কলেজলৈ পঠিওৱাৰ ভুল কৰে ৷ কলেজত সন্তানৰ
পুনঃনামাকৰণ হয় ৷ এই নতুন
নামবোৰে ইমানেই ‘গেহেৰা’ প্ৰভাৱ বিস্তাৰ কৰে যে বন্ধুমহলত পিতৃপ্ৰদত্ত নামৰ সলনি পৰিচয় সেই ডাক নামবোৰেহে প্ৰচলিত হৈ ৰয় ৷ এই ডাক
নামবোৰ কেনেকৈ, কেতিয়া আৰু কিয় প্ৰদান কৰা হৈছিল সেইবোৰ বিতৰ্কৰ বিষয় হ’ব পাৰে কিন্তু
বন্ধু মহলত এইবোৰ অৰ্থহীন বিতৰ্ক হিচাবেই গণ্য কৰা হয় ৷
মেলু,
গহীণ, ফেৰেকা, গলু, মিঞা, ফুলা, ফান্ডা, বিশ পইছা, জহৰা, ভাং, ডাডু এই নামবোৰ শুনিলেই আজিও মোৰ চকুৰ আগত একো একোখন স্পষ্ট মুখ ৷ কিন্তু মোক
তেওঁলোকৰ পিতৃপ্ৰদত্ত নামবোৰ সুধিলেই খোকোজা লাগিবলৈ আৰম্ভ কৰে ৷ এনেকুৱা নহয়
যে মাথো ল’ৰাবোৰহে পুনঃনামাকৰণ হৈছিল ৷ ছোৱালীবোৰকো সমান
উৎসাহেৰেই নতুন নাম দিয়া হৈছিল ৷ আজি মোৰ
মনত পৰা তেনে কেইটামান নাম এনে ধৰণৰ স্প্ৰীং (যিগৰাকী যুৱতীৰ প্ৰতিটো খোজে তেওঁৰ নামৰ সৈতে মিলি যায়), স্নেক (সুন্দৰী অথচ মাতিবলৈ যাক অলপ ভয় কৰা যায়), বগা গাহৰী (স্বাস্থৱতী ৰূপহী), চুলি অথবা ৰুপু (যাৰ চুলিখিনি ৰূপকথাৰ ৰূপাঞ্জেলৰ দৰে), পেহী বা মামী (যিগৰাকীক বয়সত কৈ অকণমান বুঢ়ী দেখা গৈছিল বা যাৰ কোনো চিনিয়ৰৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল), জুই (আবেদনময়ী) ৷ বেছি ভাগ
নামেই ৰেছিষ্ট (racist) বা ছেক্সিষ্ট (sexist) আছিল নতুবা শৰীৰিক বৈশিষ্টৰ সৈতে পোনপটীয়াকৈ জড়িত আছিল ৷ সম্বোধনকাৰীৰ বাবে
এইটো মুঠেই চিন্তাৰ কাৰণ নাছিল যে যিজনক সম্বোধন কৰা হৈছে তেওঁ কি অনুভৱ কৰিছিল ৷ এতিয়া সেই
কথা মনত পৰি ভাবিছো সেইটো বৰ গৰ্হিত কাম, কিন্তু সেয়ে জীৱন !
আমাৰ
ওপৰৰ শ্ৰেণীৰ ফেৰেকাৰ ধেণুভেৰীয়া ভৰি আছিল ৷ তেওঁৰ কোনো
বন্ধুৱে এদিন ফেৰেকা বুলি মাতি দিলে আৰু এই জীৱনটোৰ বাবেই সেই নামটো থাকি গ’ল ৷ আজিও
ফেৰেকাৰ মুখখন আৰু খোজটো মোৰ মনত আছে, কিন্তু তেওঁৰ পিতৃপ্ৰদত্ত নামটো মনত পৰা নাই ৷ গহীণ বৰ
দেখণীয়াৰ ডেকা ৷ খোজকাটল, পোচাক,
আচৰ ব্যৱহাৰ সকলো ক্ষেত্ৰতে বেছ সচেতন ৷ এদিন কোনোবাই
তেওঁক সুধিলে, ‘‘অই তই ইমান গহীণত কিয় থাকে বে ?’’ আৰু সেইদিনাৰে পৰা তাৰ নামটো ‘গহীণ’ হৈ গ’ল ৷ লাহে
লাহে এই নামবোৰ ছোৱালীবোৰৰ মাজতো প্ৰচলিত হ’বলৈ ধৰে ৷ মোৰ মনত
পৰিছে যে এদিন তাৰ ব্যক্তিত্বৰে মোহান্বিত হৈ এগৰাকী কণিষ্ঠাই কেন্টিনত গহীণদা বুলি মাতিছিল ৷ আমি হাঁহিৰ
কোবত কোনোমতেহে বাগৰি নপৰাকৈ থাকিলো ৷
মোৰ
ৰূমমেটৰ নামটো আছিল মেলু ৷ আচলতে তাৰ
নামটো আছিল মেলা, কাৰণ তাৰ মুখখন অনবৰতে মেল খাই থাকে ৷ এদিন সেই
‘মেলা’টো
কেনেবাকৈ মেলু হৈ গ’ল ৷ হায়াৰ
চেকেণ্ডেৰীৰ পৰীক্ষা দি মই আৰু প্ৰনৱ মেলুৰ ঢকুৱাখানাৰ ঘৰলৈ ফুৰিবলৈ গ’লো ৷ আমি নাইট
ছুপাৰেৰে গৈ পুৱতি নিশাই ঢকুৱাখানা পালো ৷ যেতিয়া প্ৰনবে
সুধিছিল, ‘‘মেলু ঘৰত আছে নে ?’’ তেতিয়া খুড়ীদেউৰ মুখখন দেখিবলৈ কেনেকুৱা হৈ গৈছিল মোৰ আজিও মনত আছে ৷ পুৱতি নিশাই
এনেয়ে কেচা টোপণিৰ পৰা উঠিব লগা হৈছিল তাতে আকৌ প্ৰনবে সুধিছিল খুড়ীদেউহঁতৰ ঘৰত নথকা মানুহ এজনৰ খবৰ ৷ তেখেত বাৰুকৈ
বিৰক্ত হৈছিল ৷ মেলুৰ আচল
নামটো সময়ত মনত পৰিলত যেনিবা পৰিস্থিতি বেয়াৰ ফাললৈ নগ’ল ৷ কিন্তু
পাছলৈ মন যেতিয়া কৰিলো খুড়াদেউ আৰু খুড়দেৱে আমাৰ সন্মুখত পুতেকক মেলু বুলি মাতিবলৈ ধৰিছে তেতিয়া আমি বাৰুকৈয়ে লাজ পালো ৷
প্ৰতিটো
নামৰ আঁৰত একোটা কাহিনী থাকে ৷ সেই কাহিনীটোৰ
পৰা আন এশটা কাহিনী সৃষ্টি হ’ব পৰাৰ সম্ভৱনা
থাকে ৷ কিন্তু কেতিয়াবা
কেতিয়াবা মাথো মুখ হাঁহি বিৰিঙাব পৰা স্মৃতিবোৰ ৰোমন্থণ কৰিও ভাল লাগে ৷
 
 
No comments:
Post a Comment