Sunday, October 18, 2015

তাথেয়া তাথেয়া হো

এনেকুৱা মোৰ সৈতে প্ৰায়ে হয় ৷ ক’ৰবাত কেনেবাকৈ গান এটা শুনাৰ পাছত গোটেই দিনটো সেই গানটো মোৰ কাণত বাজি থাকে ৷ ক’ব নোৱাৰাকৈয়ে মই গোটেই দিনটো সেই গানটো গুণগুনাই থাকো ৷ এবাৰো মনলৈ নাহে মোৰ যে মোৰ কাৰণে ওচৰে পাজৰে থকা লোকসকলৰ ওপৰত কেনে প্ৰভাৱ পেলাব পাৰে ৷ কেতিয়াবা এনেকুৱাও হয় গৈ যে মোৰ গান শুনি শুনি মই নিজেই বিৰক্ত হৈ পৰো ৷ 
হিম্মতৱালা মোৰ ল’ৰালি দিনৰ এখন ছুপাৰ হিট চিনেমা ৷ সেই ছিনেমাখনৰ গীতবোৰো বৰ জনপ্ৰিয় আছিল ৷ সেইদিনবোৰ নলবাৰীত ৰাসৰ সময়ত মাইকবোৰত নেৰানেপেৰাকৈ মাথো হিম্মতৱালাৰ গানবোৰেই বাজি থাকে ৷ মন গহণত ক’ৰবাত লুকাই থকা সেই তাহানিৰ স্মৃতি আজি সজীৱ হৈ উঠিল যেতিয়া মই 98.3 FMত নতুন ‘তাথেয়া তাথেয়া’ গানটো শুনিলো ৷ গোটেই শুকুৰবাৰ মাথো তাথেয়া তাথেয়া কৰিয়ে থাকিলো ৷
প্ৰস্ৰাৱগাৰৰ পৰা ‘তাথেয়া তাথেয়া হো’ কৰি মোক ওলাই অহা দেখি মই নতুনকৈ নিযুক্তি দিয়া ডেকা ল’ৰাজনৰ চকুত আশ্চৰ্যৰ চাৱনি ৷ মই যেতিয়া মোৰ ওপৰৱালাৰ কক্ষলৈ ‘তাথেয়া তাথেয়া হো’ কৰি সোমাই গ’লো সেই সময়ত মোৰ ওপৰৱালাজনৰ চকুত যি চাৱনি আছিল তাৰ অৰ্থনো কি মই বুজি নাপালো ৷ নিশা মই যেতিয়া ‘তাথেয়া তাথেয়া হো’ কৰি ঘৰ সোমালো তেতিয়া মোৰ শ্ৰীমতী নিশ্চিত হ’ল মই মানসিক ভাৰসম্য হেৰুৱালো ৷
তাথেয়া তাথেয়া হো অ’
তাথেয়া তাথেয়া হো অ’
ধুম তান নান
নেইনো মেই স্বপ্না, স্বপ্নো মেই সজনা
সজনা পে ডিল আ গেয়া,
কিউ সজনা পে ডিল আ গেয়া
ধেই !!!!!!
মই এই গানটো বেয়া পাওঁ দেই !!!!!!!!!

জেঠিমূৰা

এইটো মোৰ জেঠেৰি ভাইটিৰ কাহিনী ৷ ৮০ দশকৰ আগভাগৰ কথা ৷ সেই সময়ত ভাইটিৰ খটাসুৰ হিচাবে বিশেষ নাম আছিল ৷ সেই সময়তে আকৌ ছাত্ৰ আন্দোলনো তুংগত আছিল ৷ স্কুল, কলেজ আদি প্ৰায়েই বন্ধ থাকে ৷ ৰাজপথ চৰকাৰ তথা প্ৰশাসনতন্ত্ৰৰ বিৰুদ্ধে চলা প্ৰতিবাদত মুখৰিত হৈ আছিল ৷ কে.পি.এছ. গিল চাহাবৰ নেতৃত্বত ছি.আৰ.পি. বাহিনী জপিয়াই পৰিছিল আন্দোলন দমন কৰিবলৈ ৷
সেই আন্দোলনত ভাইটিৰ পৰিয়ালৰ সকলো সদস্যই সৰ্বতো প্ৰকাৰে জপিয়াই পৰিছিল যদিও ভাইটিক আন্দোলনৰ পৰা আতৰাই ৰখা হৈছিল ৷
মোৰ শশুৰবাড়ীৰ ঠিক কাষৰ ঘৰত থকা মানুহজন চুবুৰীৰ সকলোৰে বাবে জেঠিমূৰা হিচাবেই জনাজাত আছিল ৷ জেঠিমূৰাই সেই সময়ত এখন কলেজত কেৰাণী হিচাবে কাম কৰিছিল আৰু সঁচা কথা ক’বলৈ গ’লে তেখেতৰ আছিল জীৱনৰ প্ৰতি চৰম বিতৃষ্ণা ৷ ওচৰ-চুবুৰীয়াৰ বাবে জেঠিমূৰা আছিল হাহিয়াতৰ পাত্ৰ ৷ কাম-কাজ, কথা-বতৰা তথা আচহুৱা চাল-চলনৰ বাবে জেঠিমূৰা প্ৰায়ে অৱজ্ঞাৰ সন্মুখীন হ’ব লগা হৈছিল ৷ যদিও জেঠিমূৰা সাংসাৰিক লোক আছিল তথাপিও তেখেতৰ সংসাৰ তথা সামাজিক নীতি-নিয়মৰ প্ৰতি অকণো শ্ৰদ্ধা নাছিল ৷ মানুহে এনেকৈয়ো কৈছিল তেখেতে হেনো নিজৰ ল’ৰা-ছোৱালী কেইটা কোন শ্ৰেণীত পঢ়ে তাকেই নাজানিছিল ৷ প্ৰতি নিশা তেখেত মদৰ ৰাগীত তলবল হৈ ঘৰলৈ উভটি আহে আৰু গালি শপনিৰে গোটেই চুবুৰীৰ পৰিবেশ বিনষ্ট কৰি তোলে ৷ তেখেতে কেতিয়া, কাক বা কিয় গালি-গালাজ কৰে সেইয়া চাগৈ নিজেও নাজানে ৷ কেতিয়াবা যদি মূখ্যমন্ত্ৰীক গালি পাৰে, কেতিয়াবা চুবুৰীৰ গেলমালৰ দোকানীজনক গালি পাৰে বা কেতিয়াবা আন কাৰোবাক গালি পাৰে ৷ তেখেতে গালি পাৰোঁতে তেনেই অশ্লীল, অশ্ৰাব্য শব্দ ব্যৱহাৰ কৰে ৷
অসম আন্দোলনৰ ভৰপকৰ সময়ৰে এদিনৰ কথা ৷ জেঠিমূৰাৰ আগনিশা ৰাগী বোধহয় হিচাবতকৈ অকণমান বেছি হৈছিল ৷ সেয়েহে দিনৰ প্ৰায় ১১মান বজাতহে জেঠিমূৰা কলেজলৈ বুলি ওলাল ৷ সেইদিনা আকৌ তেনে সময়তে এক প্ৰতিবাদী সমদল দিঘলীপুখুৰীৰ পাৰেৰে কাছাৰীলৈ বুলি গৈ আছিল ৷ কলেজলৈ বুলি গৈ থকা জেঠিমূৰা অজানিতে দীঘলীপুখুৰীত সেই প্ৰতিবাদী সমদলত চামিল হৈ পৰিল ৷ অকণমান আগবাঢ়িয়ে প্ৰতিবাদকাৰী সকল মুখামুখি হ’ল বন্দুক-বাৰুদেৰে সুসজ্জিত এদল ছি.আৰ.পি. তথা আৰক্ষীৰ ৷ আৰক্ষীৰ লোকে প্ৰতিবাদকাৰীসকলক আতৰি যাবলৈ আহ্বান জনালে ৷ পাছে দেশৰ বাবে এঘড়ী যুজিবলৈ ওলাই অহা প্ৰতিবাদী জনতা জপিয়াই পৰিল ছি.আৰ.পি. তথা আৰক্ষীৰ ওপৰত ৷ প্ৰতিবাদী জনতাই শিলাবৃষ্টি আৰম্ভ কৰিলে ৷ তাৰ প্ৰত্যুত্তৰত ছি.আৰ.পি.য়ে আৰম্ভ কৰিলে লাঠিচালনা ৷ সেইদিনা প্ৰতিবাদী জনতাৰ তুলনাত ছি.আৰ.পি.ৰ সংখ্যা তেনেই কম আছিল ৷ কথা নাই বতৰা নাই ওচৰতে থকা ছাত্ৰাবাসসমূহৰ পৰা ভালে মান হকীষ্টিক, লাঠি আদি প্ৰতিবাদী জনতাৰ হাতত পৰিল ৷
নিমিষতে জেঠিমূৰাৰ চৌপাশৰ পৰিস্থিতি যথেষ্ট ভয়াবহ হৈ পৰিল ৷ পাছে জেঠিমূৰা খোজ কাঢ়ি আগুৱাই গৈ থাকিল সমদলৰ সন্মুখৰ ভাগলৈ ৷ প্ৰকৃততে আগ নিশাৰ মদৰ ৰাগীয়ে তেতিয়ালৈকে হেঁচা মাৰি ধৰি থকা জেঠিমূৰাই একো গমকে ধৰিব পৰা নাছিল আচলতে হৈ কি আছে ৷ পাছে বন্দুকৰ নলী বুকুৰ ফালে টোঁৱাই থকা ছি.আৰ.পি.ৰ লোক সকলক দেখাৰ লগে লগেই জেঠিমূৰাই নিজৰ মূৰ্খামীৰ কথা বুজি পালে আৰু বজ্ৰপাত পৰা মানুহৰ দৰে একে ঠাইতে ঠিয় হৈ ৰৈ থাকিল ৷ ইতিমধ্যে হকীষ্টিক আদিৰে সুসজ্জিত প্ৰতিবাদী জনতা জপিয়াই পৰিল ছি.আৰ.পি.ৰ ওপৰত ৷ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ যোৱা যেন দেখি এটা সময়ত ছি.আৰ.পি.য়ে শূণ্যলৈ গুলী চালনা কৰিলে ৷ লগে লগেই প্ৰতিবাদী জনতাই চত্ৰভংগ দিলে ৷ কিছু সময় আগলৈকে জনতাৰে গিজ্ খাই থকা ৰাজপথত তেতিয়া মাথো সিচৰতি হৈ আছে চেন্ডেল, জোতা আৰু হকীষ্টিক ৷
সমষ্ট ঘটনাক্ৰমত স্তম্ভিত জেঠিমূৰাই কিংকৰ্তব্যবিমূঢ়হৈ অকলশৰেই সেই ৰাজপথত ঠিয় হৈ ৰ’ল ৷ বন্দুক টোঁৱাই আগুৱাই অহা ছি.আৰ.পি. লোকসকলক দেখি জেঠিমূৰাৰ মুখেৰে ফেন গুটি ওলাবলৈ ধৰিলে ৷ ছি.আৰ.পি.ৰ লোক সকলৰ লগতে থকা এজন অসম পুলিছৰ লোকে জেঠিমূৰাক সেই ঠাইৰ পৰা পলাবলৈ উপদেশ দিলে ৷
সেই উপদেশমৰ্মেই জেঠিমূৰায়ো দৌৰ মাৰিবলৈ যত্ন কৰিলে ৷ পাছে আগনিশাৰ মদৰ ৰাগী, মুৰৰ ওপৰত থকা ৰ’দৰ প্ৰকোপ আৰু আকস্মিক ঘটনাৰাজী আগত জেঠিমূৰাৰ হৃদপিণ্ড বিবশ হৈ পৰিল ৷ জেঠিমূৰা ঢলি পৰিল আৰু এটাও গুলী বা ছি.আৰ.পি.ৰ বেতৰ কোব নপৰাকৈয়ে তেওঁ সেই ৰাজপথতে শেষ নিশ্বাস ত্যাগ কৰিলে ৷
জেঠিমূৰাৰ মৃত্যুৰ খবৰ বনজুইৰ দৰে চৌপাশে বিয়পি পৰিল ৷ সেই নিশা যেতিয়া জেঠিমূৰাৰ মৃতদেহ আহি ঘৰ পালে তেতিয়া মোৰ জেঠেৰি ভাইটিহঁতৰ চুবুৰী এক জনসমুদ্ৰত পৰিণত হ’ল ৷ আগনিশালৈকে সকলোৰে হাহিয়াতৰ পাত্ৰ জেঠিমূৰা তেতিয়া জাতীয় শ্বহীদত পৰিণত হ’ল ৷ ছাত্ৰ আন্দোলনৰ সৈতে জড়িত সকলোৱে আহি জেঠিমূৰাৰ ঘৰত দেখা দিলে ৷
ঘৰৰ চৌপাশৰ হৈ-হাল্লাই ভাইটিক বাৰুকৈয়ে আকৃষ্ট কৰিলে ৷ পাছে ভাইটিৰ মাক (অৰ্থাৎ মোৰ শাহ আই) এক কথাৰ মানুহ ৷ তেওঁ সকীয়াই দিলে কোনো কাৰণতেই যেন ভাইটি জেঠিমূৰাৰ ঘৰ গৈ নাপায়৷ তেখেতে কঠোৰ নিৰ্দেশ দিলে, ভাইটিয়ে যেন নিজৰ ঘৰৰ চৌহদৰ বাহিৰলৈ ওলাই নাযায় ৷ সেই নিৰ্দেশৰ পাছতে পৰিয়ালৰ বাকী লোকসকল জেঠিমূৰাৰ ঘৰলৈ বুলি ওলাল ৷ পাছে মোৰ শহুৰ দেউতাই এই কথা অকণো ভাল পোৱা নাছিল যে জেঠিমূৰাৰ দৰে এজন সাধাৰণ লোক ৰাতিৰ ভিতৰতে এজন জাতীয় শ্বহীদত পৰিণত হ'ল ৷
পৰিয়ালৰ সকলো জেঠিমূৰাৰ ঘৰলৈ যোৱাৰ পাছত ভাইটিয়ে তেওঁৰ পঢ়া কোঠাত থকা খিড়িকিখনেৰে আপোনভোলাহৈ জেঠিমূৰাৰ ঘৰৰ ফালে চাই ৰ’ল ৷ প্ৰথমে আহিল পুলিছ, তাৰ পাছত আহিল ভি.আই.পি. সকল আৰু তাৰ পাছত আহিল সাংবাদিক সকল ৷ বহু সময় নিজকে সংযত কৰি ৰখাৰ পাছত ভাইটিয়ে আৰু নিজকে সংযত কৰিব নোৱাৰিলে ৷ একে জাপে বাঁহৰ জেওৰা পাৰ হৈ ভাইটি হাজিৰ হ’ল গৈ জেঠিমূৰাৰ কাষত ৷ জেঠিমূৰাৰ মৃতদেহৰ কাষত বহি বহি ভাইটিয়ে একান্তমনে লক্ষ্য কৰি গ’ল জেঠিমূৰাৰ মৃত্যুত সৃষ্টি হোৱা পৰিস্থিতি ৷ তাত বহু সময় পাৰ কৰি ভাইটি আকৌ সেই জেওৰাৰ বাটেৰেই ঘৰলৈ বুলি উভটি আহিল ৷ সেই নিশা ভাইটিৰ মাক-দেউতাক উভটি আহোতে বেছ পলম হ’ল ৷ ভাইটি পাছে বেছ আনন্দ মনেৰেই শুবলৈ গ’ল কাৰণ মাক-দেউতাকৰ বাধাৰ পাছতো যে তেওঁ জেঠিমূৰাৰ ঘৰলৈ গৈছিল এই কথা কোনেও গমকে নাপালে ৷
পাছদিনা পুৱাই দেউতাকৰ তৰ্জন-গৰ্জনত ভাইটিৰ টোপনি ভাঙিল ৷ দেউতাকৰ এহাতে বাতৰি কাকত আৰু আনহাতে বাঁহৰ এচাৰি ৷ ভাইটিয়ে বুজি পোৱা নাই ৰাতিপুৱাইনো তেওঁ কি এনে জগৰ লগালে যে দেউতাকৰ ইমান খং উঠিছে ৷ দেউতাকে যেতিয়া বাতৰিকাকতখন দেখুৱালে তেতিয়াহে ভাইটিয়ে বুজি পালে উৰহি গছৰ ওৰ ক’ত ! বাতৰি কাকতৰ প্ৰথম পৃষ্ঠাত জাতীয় শ্বহীদ জেঠিমূৰাৰ এখন ফটো আৰু জেঠিমূৰাৰ ফুলেৰে সুশোভিত মৃতদেহৰ কাষতে ৩২ দাঁত উলিয়াই হাঁহি থকা সৰু ল’ৰা এজনৰ ফটো !!
ভাইটিৰ মুখৰ পৰা ওলাই গ’ল, ‘‘আৰে মই দেখোন !’’
সঞ্জয় বুজৰবৰুৱা/প্ৰতিভূ দত্ত

নামেনো কি কৰে ?

প্ৰত্যেক পিতৃ-মাতৃয়েই যথেষ্ট চিন্তা চৰ্চা কৰি নিজৰ সন্তানৰ বাবে এটা নাম বাচনি কৰে আৰু এদিন তেওঁলোকে সন্তানক কলেজলৈ পঠিওৱাৰ ভুল কৰে কলেজত সন্তানৰ পুনঃনামাকৰণ হয় এই নতুন নামবোৰে ইমানেইগেহেৰাপ্ৰভাৱ বিস্তাৰ কৰে যে বন্ধুমহলত পিতৃপ্ৰদত্ত নামৰ সলনি পৰিচয় সেই ডাক নামবোৰেহে প্ৰচলিত হৈ ৰয় এই ডাক নামবোৰ কেনেকৈ, কেতিয়া আৰু কিয় প্ৰদান কৰা হৈছিল সেইবোৰ বিতৰ্কৰ বিষয় পাৰে কিন্তু বন্ধু মহলত এইবোৰ অৰ্থহীন বিতৰ্ক হিচাবেই গণ্য কৰা হয়

মেলু, গহীণ, ফেৰেকা, গলু, মিঞা, ফুলা, ফান্ডা, বিশ পইছা, জহৰা, ভাং, ডাডু এই নামবোৰ শুনিলেই আজিও মোৰ চকুৰ আগত একো একোখন স্পষ্ট মুখ কিন্তু মোক তেওঁলোকৰ পিতৃপ্ৰদত্ত নামবোৰ সুধিলেই খোকোজা লাগিবলৈ আৰম্ভ কৰে এনেকুৱা নহয় যে মাথো ৰাবোৰহে পুনঃনামাকৰণ হৈছিল ছোৱালীবোৰকো সমান উৎসাহেৰেই নতুন নাম দিয়া হৈছিল আজি মোৰ মনত পৰা তেনে কেইটামান নাম এনে ধৰণৰ স্প্ৰীং (যিগৰাকী যুৱতীৰ প্ৰতিটো খোজে তেওঁৰ নামৰ সৈতে মিলি যায়), স্নেক (সুন্দৰী অথচ মাতিবলৈ যাক অলপ ভয় কৰা যায়), বগা গাহৰী (স্বাস্থৱতী ৰূপহী), চুলি অথবা ৰুপু (যাৰ চুলিখিনি ৰূপকথাৰ ৰূপাঞ্জেলৰ দৰে), পেহী বা মামী (যিগৰাকীক বয়সত কৈ অকণমান বুঢ়ী দেখা গৈছিল বা যাৰ কোনো চিনিয়ৰৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল), জুই (আবেদনময়ী) বেছি ভাগ নামেই ৰেছিষ্ট (racist) বা ছেক্সিষ্ট (sexist) আছিল নতুবা শৰীৰিক বৈশিষ্টৰ সৈতে পোনপটীয়াকৈ জড়িত আছিল সম্বোধনকাৰীৰ বাবে এইটো মুঠেই চিন্তাৰ কাৰণ নাছিল যে যিজনক সম্বোধন কৰা হৈছে তেওঁ কি অনুভৱ কৰিছিল এতিয়া সেই কথা মনত পৰি ভাবিছো সেইটো বৰ গৰ্হিত কাম, কিন্তু সেয়ে জীৱন !
আমাৰ ওপৰৰ শ্ৰেণীৰ ফেৰেকাৰ ধেণুভেৰীয়া ভৰি আছিল তেওঁৰ কোনো বন্ধুৱে এদিন ফেৰেকা বুলি মাতি দিলে আৰু এই জীৱনটোৰ বাবেই সেই নামটো থাকি আজিও ফেৰেকাৰ মুখখন আৰু খোজটো মোৰ মনত আছে, কিন্তু তেওঁৰ পিতৃপ্ৰদত্ত নামটো মনত পৰা নাই গহীণ বৰ দেখণীয়াৰ ডেকা খোজকাটল, পোচাক, আচৰ ব্যৱহাৰ সকলো ক্ষেত্ৰতে বেছ সচেতন এদিন কোনোবাই তেওঁক সুধিলে, ‘‘অই তই ইমান গহীণত কিয় থাকে বে ?’’ আৰু সেইদিনাৰে পৰা তাৰ নামটোগহীণহৈ লাহে লাহে এই নামবোৰ ছোৱালীবোৰৰ মাজতো প্ৰচলিত বলৈ ধৰে মোৰ মনত পৰিছে যে এদিন তাৰ ব্যক্তিত্বৰে মোহান্বিত হৈ এগৰাকী কণিষ্ঠাই কেন্টিনত গহীণদা বুলি মাতিছিল আমি হাঁহিৰ কোবত কোনোমতেহে বাগৰি নপৰাকৈ থাকিলো

মোৰ ৰূমমেটৰ নামটো আছিল মেলু আচলতে তাৰ নামটো আছিল মেলা, কাৰণ তাৰ মুখখন অনবৰতে মেল খাই থাকে এদিন সেইমেলাটো কেনেবাকৈ মেলু হৈ হায়াৰ চেকেণ্ডেৰীৰ পৰীক্ষা দি মই আৰু প্ৰনৱ মেলুৰ ঢকুৱাখানাৰ ঘৰলৈ ফুৰিবলৈ লো আমি নাইট ছুপাৰেৰে গৈ পুৱতি নিশাই ঢকুৱাখানা পালো যেতিয়া প্ৰনবে সুধিছিল, ‘‘মেলু ঘৰত আছে নে ?’’ তেতিয়া খুড়ীদেউৰ মুখখন দেখিবলৈ কেনেকুৱা হৈ গৈছিল মোৰ আজিও মনত আছে পুৱতি নিশাই এনেয়ে কেচা টোপণিৰ পৰা উঠিব লগা হৈছিল তাতে আকৌ প্ৰনবে সুধিছিল খুড়ীদেউহঁতৰ ঘৰত নথকা মানুহ এজনৰ খবৰ তেখেত বাৰুকৈ বিৰক্ত হৈছিল মেলুৰ আচল নামটো সময়ত মনত পৰিলত যেনিবা পৰিস্থিতি বেয়াৰ ফাললৈ নগ কিন্তু পাছলৈ মন যেতিয়া কৰিলো খুড়াদেউ আৰু খুড়দেৱে আমাৰ সন্মুখত পুতেকক মেলু বুলি মাতিবলৈ ধৰিছে তেতিয়া আমি বাৰুকৈয়ে লাজ পালো

প্ৰতিটো নামৰ আঁৰত একোটা কাহিনী থাকে সেই কাহিনীটোৰ পৰা আন এশটা কাহিনী সৃষ্টি পৰাৰ সম্ভৱনা থাকে কিন্তু কেতিয়াবা কেতিয়াবা মাথো মুখ হাঁহি বিৰিঙাব পৰা স্মৃতিবোৰ ৰোমন্থণ কৰিও ভাল লাগে

Thursday, June 25, 2015

Chaamoni

Aamaar Bijuli mahiye biyaar agote khub sondarya sarcha korisil. Maahi dekhato dhuniya aasil. Xodai ratipuwa gakhoror samoni logailsil aaru raati fare & lovely logai xuisil. Aitai maahir karone samoni rakhi thoisil. Ephaale moi samoni khai khub bhaal paisilu.maahiye loguwar pisot baaki thoka samoni khini mok khabo disil. Xei karone moi maahik khub bhaal paisilu. Ketiyabato maahir gaar porai samoni gusai khaisilu. Maahiye emaan samoni loguwa karone sobe koisile je maahir biyaat boroxun hobo.

Hoyo, maahir biyaat bhayankar boroxun. Xoru aasilu joidio monot aase emaan boroxun disil je robhaar bhitoror 4 inchi maan paani uthi goisil. Kaxor pukhurir paani overflow hoi robhaar majere xot boisil. Logot uthisil machor ujaan. Kaoi mach. Jaak jaak kaoi mach. Tetiyar dinot biyaat band party matisil. Trumpet. Drum, clarinet, chuck aadi loi maanuh keijon maane hindi aaru axomiya gaan murchana uthaisil. Robhatolit jetiya paani somaal, band partyye bojaabo eri mach dhora arombo korisil. Mor etiyao monot aase teoloke sollista kaoi mach dhorisil aaru bondobosto koraatke adha poisa loisil. Biyaar pasot puwaraati koinai mekhela aathuloi dangi dorar ghoroloi goisil.

Xei mahiye etiya mori goleo nijor jiyekok samoni logaboloi nidiye. Aaru moi jetiyai obibahita suwaliye chaamoni lagowa dhekha pao, mor monoloi maahir mekhele dangi paani khasi khasi puwa raati dorar logot juwa drisya tu monot pore