Saturday, February 11, 2017

দমকল

আমাৰ পুৰণা ঘৰত এটা দমকল আছিল । দমকলটো আমাৰ জীৱনৰ এটা অপৰিহাৰ্য অংগ আছিল । কাপোৰ ধুৱা, বাচন ধুৱা, গা ধুৱা এইবিলাক কামৰ কেন্দ্ৰবিন্দু আছিল সেই দমকলটো । বছৰত দুবাৰ মান দমকলটোৰ ৱাচাৰ পৰিছিল । ৱাচাৰ পৰিলে দমকল 'মাৰিলেও' পানী নোলায় । ৱাচাৰ সলনি কৰাত পিতা পাকৈত আছিল । ঘৰত সদায় এটা স্পেয়াৰ ৱাচাৰ থাকিছিল । দমকলটোৰ পিষ্টন উলিয়াই ৱাচাৰ সলনি কৰা কামটো এটা সৰুসুৰা অপাৰেচনৰ নিচিনা আছিল । আৰু পিতাৰ এই কামটোৰ দক্ষতা চুবুৰীত জনাজাত আছিল । দমকল ইমাৰজেন্সিত পিতা আছিল চুবুৰীৰ দেৱদূত ।
নতুন ৱাচাৰ লগোৱাৰ পাছত কেইদিনমান দমকল 'মাৰা' কামটো অলপ কষ্টকৰ হৈছিল ।
প্ৰত্যেক দুই তিনি বছৰত ভাল পানী ওলাবলৈ দমকলটোৰ তলত নতুন পাইপ লগোৱা হৈছিল । পাইপ লগাব অহা মানুহ কেইজনৰ কাৰুকাৰ্য্য মই পুৰা দিন বহি বহি চাইছিলোঁ । লোহাৰ শিকলি লগোৱা এডাল প্ৰকাণ্ড ৰেন্স ব্যৱহাৰ কৰি এজন মানুহে পাইপ ধৰি থাকে । আন দুজনে দমকল 'মাৰাৰ' নিচিনা মাৰি মাৰি পাইপডাল হেঁচি বহুৱাই দিয়ে । চতুৰ্থ মানুহজনে পাইপৰ মুখ খন হাতেৰে বন্ধ কৰি থয় আৰু হেঁচি বহুৱাই দিয়াৰ সময়ত এক অদ্ভুত কায়দাত সলোপকৈ অলপ পানী উলিয়াই দিয়ে । এটা ছন্দত হৈ থকা গোটেই প্ৰক্ৰিয়াটোৰ এক অদ্ভুত সন্মোহিনী শক্তি আছিল । বিশেষকৈ সলোপ সলোপকৈ পানী ওলোৱা প্ৰক্ৰিয়াটোত মই ইমানেই ৰস পাইছিলোঁ যে ডাঙৰ হৈ সেইটো বৃত্তিগত পেছা হিচাবে লম বুলি ঠিক কৰিছিলোঁ ।
এতিয়া সেই দমকলো নাই আৰু সেই ইচ্ছাও নাই ।

মই পানবজাৰ যাম

মাহেন্দ্ৰনাথ ডেকাফুকণ হোষ্টেল, কটন কলেজ । মই নতুন আবাসী । মানে মক্কেল । ক্লাছ নথকা সময়ত গলত গামোচা, হাতত বহী এখন লৈ ছিনিয়ৰ লগত চিনাকি হোৱা পৰ্ব । বহী খনত ছিনিয়ৰ জনে নাম আৰু ঠিকনা লিখি দিয়াৰ বিনিময়ত অলপ ৰেগিং কৰে । অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ তুলনাত তাক ৰেগিং বুলি কব নোৱাৰি । তথাপি বিচনাৰ তলত মাইকী মহ বিচৰা, কাল্পনিক প্ৰেয়সীৰ বৰ্ণনা দিয়া, কথিত ভাষাত কৌতুক কোৱা কাৰবাৰটো মোৰ কাৰণে নতুন আছিল । এদিন দাদা এজনৰ লগত মোৰ আৰু মেলুৰ চিনাকি পৰ্ব চলি আছে । দাদা জনে অলপ বেছি ৰেগিং কৰে বুলি মক্কেল বিলাকৰ মাজত প্ৰবাদ আছিল । কথাৰ কথাত তেখেতে গম পালে যে মেলুয়ে অসমীয়াত লেটাৰ পাই আহিছে । লগে লগে আৰম্ভ হল অসমীয়া ব্যাকৰণৰ ওপৰত প্ৰশ্ন । প্ৰশ্নও প্ৰশ্ন সাংঘাতিক প্ৰশ্ন - "মই পানবজাৰ যাম" এই বাক্যটো কোনো ধৰণৰ নঞৰ্থক শব্দ ব্যৱহাৰ নকৰাকে বিপৰীত বাক্যত পৰিণত কৰিব লাগে। শুদ্ধ উত্তৰ দিলেই দাদাই নিজৰ নাম ঠিকনা লিখি দিব । মেলু আৰু মই উত্তৰ ভাবি ভাবি হাইৰাণ । সি কিবা এটা উত্তৰ দিয়ে আৰু গালি খাই । মই কিবা এটা কওঁ, আৰু "হাই হাই, কটন কলেজৰ ষ্টেণ্ডাৰ্ড নোহোৱা হৈ গল" ধৰণৰ বাক্যবান পাওঁ । দুঘণ্টা মান চেষ্টা কৰি আমাৰ অৱস্থা দেখি দাদাৰ মন মুকলিল । তেখেতে দিয়া শুদ্ধ উত্তৰটো মোৰ আজিও মনত আছে - মই পানবজাৰ ঘণ্টা যাম ।

Monday, January 30, 2017

কাবুলিৱালা

অভিনেতা । গুৱাহাটীৰ পৰা নলবাৰী যোৱা শেষ বাছ । মিছ কৰিলে কাৰোবাৰ ঘৰত আলহী হোৱাৰ বাহিৰে বেলেগ উপায় নাই । বাছত থিয় হব জাগা নাই । হেণ্ডিমেনৰ লগত দৰ্জাত ওলমি 10 বজাত নলবাৰী আহি পাইছোঁ । দুখন মান ৰিক্সা অভিনেতাৰ কাৰণে ৰখি আছে । সেই ৰিক্সাৰ কেৰাচিন তেলৰ হেডলাইট কেইটাৰ বাহিৰে চাৰিওফালে সম্পূৰ্ণ অন্ধকাৰ । দোকান পোহাৰ বন্ধ । সদায় অহা যোৱা কৰা মানুহ কেইজনে ৰিক্সা মেনেজ কৰি গুচি গল । বাকী বোৰে পাদব্ৰজে যাত্ৰা আৰম্ভ কৰিছে । বিদ্যাপুৰ, গোপাল বজাৰ, শান্তিপুৰ লৈ । ময়ো যোগ দিলোঁ । ডিচেম্বৰ মাহ । চাৰিওফালে কুঁৱলী, লগত অন্ধকাৰ । কল্পনা ষ্টুডিও পাৰ হৈ চাওঁ যে লগত আৰু কোনো নাই । কিহৰ ভয় হা চেংৰা চলি, নিজকে তেনেকুৱা এটা সান্তনা দি গৈ আছোঁ । ইছলাম চুপা পাৰ হওঁ হওঁ । তেনেতে ৰাস্তাৰ কাষৰ ঘৰ এটাৰ বাহিৰত এটা প্ৰকাণ্ড দানৱ । সাত ফুট মান ওখ । বৃহতাকাৰ । ৰাস্তাৰ মাজতে মোৰ হাত ভৰি জঠৰ হৈ গল । এনে লাগিল যেন সেই প্ৰকাণ্ড ছাঁয়ামূৰ্তি আহি মোক খাই পেলাব । ভয়তে আগ পিছ নাচাই মাৰিলো দৌৰ । ৰাস্তা আছিল শিলৰ, তাতে এন্ধাৰ । দুখোজ গৈয়ে.........ধৰাম । মই কি হৈছে বুজাৰ আগতে প্ৰকাণ্ড ছাঁয়ামূৰ্তি সন্মুখত হাজিৰ । ভয়তে মুখেৰে ওলাই গল এটা প্ৰচণ্ড চিৎকাৰ । দানৱটোৱে মোৰ চিৎকাৰ উপেক্ষা কৰি মোক দাঙি ধৰি থিয় কৰাই দিলে । তাৰ পাছত সি আধা হিন্দী, আধা অসমীয়াত যেতিয়া মই ঠিকে আছোঁনে সুধিলে তেতিয়াহে মনত পৰিল, আৰে এইখিনিতে এটা কাবুলিৱালা থাকে ।
মই ভয় খোৱা কাৰণে বেচেৰাই সিদিনা বৰ লাজ পাইছিল আৰু মোক ঘৰলৈ আগবঢ়াই থৈ আহিছিল । কাবুলৰ পৰা নলবাৰীলৈ অহাৰ কাহিনী কৈছিল । আৰু মই ধন্যবাদ দিয়াৰ আগতে আন্ধাৰত বিলীন হৈ গৈছিল ।

Thursday, November 17, 2016

গুলাব জামুন

গুলাব জামুনৰ পিনে আঙুলি দেখাই 'লাল মোহন দেনা' বুলি কওঁতে কওঁতে গুৰগাঁওৰ মিঠাই দোকানীয়েও চিনি পোৱা হৈ গৈছে ।

জন লেনানের সোচ্ছাৰ ভালোবাসা

জন লেনানের সোচ্ছাৰ ভালোবাসা, ববী ডীলানের অভিমান.......
নো মোৰ অভিমান । অফিচৰ বেছিভাগে পাঞ্জাবী গান শুনা মানুহ । বব ডীলান কোন পাত্তাই নাপাই । দুটা মান ডেকা লৰা আছে, পিংক ফ্লয়ড লিখা টি চাৰ্ট পিন্ধি আহে । খবৰটো পাই ভাল লাগিল কাৰণে সিহঁতক কলো । দুয়ো বেঙামেলি চাই থাকিল । মই লাহেকৈ 'জন লেনানের সোচ্ছাৰ ভালোবাসা, ববী ডীলানের অভিমান' গাই আঁতৰি আহিলোঁ

Monday, October 10, 2016

প্ৰতিধ্বনি

2010 মানৰ কথা । সৰু ছোৱালীৰ বয়স তেতিয়া দুবছৰ । এটা ভাল আনকমন নামৰ অভাৱত তাইৰ নামাকৰণ কৰা হোৱা নাছিল ।

তেনেকুৱা সময়তে এদিন শনিবাৰে মই অলপ পাৰ্টি কৰিম বুলি অকলে বহিলোঁ । দহটা মান বজাত মাক জীয়েক বিচনাত উঠিল । মোৰ আকৌ ভূপেনদাৰ গান শুনাৰ মুদ আছিল । গতিকে মই শুব নগৈ গান শুনাত লাগিলোঁ । ৰাতি এটা বজাত হঠাৎ ভূপেনদাৰ গানৰ এটা শব্দই মোক হিলাই দিলে । প্ৰতিধ্বনি । আৰে ৱাহ, এইটো দেখোন সৰু ছোৱালীৰ নাম হব পাৰে ।

উত্তেজিত হৈ মাজৰাতি এওঁক উঠাই দিলোঁ । ৰাতি এটা বজাত উঠোৱা কাৰণে খং উঠিছিল যদিও ভাল নাম পোৱা বুলি শুনি অলপ ঠাণ্ডা হল । ৰাতি খন উঠাইছা চো ইটছ বেতাৰ বি গুড টাইপ চাৱনি এটা দি তেওঁ নামটো শুনিলে । তাৰ পাছত কিবা হিচাব কৰিলে । মই বোলো কেনে পালা । এওঁ ভেকাহি মাৰি উঠিল, "এঘৰতা আখৰৰ নাম । ছোৱালীয়ে আজিলৈকে তিনিটা আখৰৰ শব্দই উচ্চাৰণ কৰিব নোৱাৰে । এইটো নাম থলে পোন্ধৰ বছৰ মানলৈ নামটোকে কব নোৱাৰিব । বেলেগ কাম নাই যদি শুই থাকা"

ময়ো পিছে এৰি দিয়া ভকত নহয় । মাকে ৰিজেক্ট কৰিলে কি হল, ছোৱালী আছে নহয় । শুই থকা ছোৱালীৰ কাণৰ কাষত গৈ তিনিবাৰ মান প্ৰতিধ্বনি বুলি মাতি দিলোঁ । সেই মূহূৰ্তত মোৰ এনে লাগিছিল যেন তাই উঠি বহি কব - ৱাহ পাপা,  কি ধুনীয়া নাম । কিন্তু মোৰ ফুটা কপাল - তাই আৰম্ভ কৰি দিলে ভয়ঙ্কৰ কান্দোন ।

চোফাত ৰাতি শুই কেনে লাগে সিদিনা মই আবিষ্কাৰ কৰিছিলোঁ ।

কাত্তি



তিনি দিনৰ পৰা আমাৰ মাতবোল নাই । কাজিয়া খন কিয় লাগিছিল মনত নাই, কিন্তু মোৰ যে দোষ নাই মই জানো। দোষ থাকিলেও মই কেতিয়াও স্বীকাৰ নকৰোঁ। স্বীকাৰ কৰিলেও ক্ষমা নোখোজোঁ । যোৱা তিনিদিন আমি ছোৱালী জনীৰ মাধ্যমেৰে কথা পাতি আছোঁ । মই যদি কওঁ "মাজনী ভাত দিয়া বুলি ক" , তেওঁ কয় "মাজনী মোৰ মোজা কত আছে" । ইত্যাদি ইত্যাদি ।

সাধাৰণতে তেওঁ ইমান লাগি থকা মানুহ নহয় । ৰাতিপুৱা কাজিয়া কৰি ৰাতি মোৰ কাৰণে গীফ্ট লৈ অহা মানুহ । এইবাৰ দেখোন তিনিদিনলৈ গোমোঠা মাৰি আছে । থাকিলেও থাকিল । ইতিহাসত মাইকী মানুহে ভুল স্বীকাৰ কৰি ক্ষমা খোজাৰ উদাহৰণ নাই । মইনো কিয় ব্যতিক্ৰম হম ।
 

আজি ৰাতিপুৱা মই ব্ৰেকফাষ্ট টেবুলত দি চোফাত বহি আছোঁ । তেওঁ খাই অফিচ গলে মই বাকী কাম কৰিম । পিছে মহাৰাজ ইফালে সিফালে ঘূৰি ফুৰিছে । চাৰ্ট পেন্ট পিন্ধি আছে, মানে মোজা বা ৰুমাল বিচাৰি পোৱা নাই । দুয়োটা বস্তু মই বিচনাত দেখাকে থৈ দিছিলোঁ । তথাপিও ৰাইজ বিচৰাত ব্যস্ত । বিচাৰি বিচাৰি মোৰ ওচৰ পাই ইংগিত দিলে, মই উঠিব লাগে । কিনো এনে বস্তু বিচাৰি আছে । খঙতে মুখেৰে ওলাই গল "কি বিচাৰি আছা হে" । তেওঁ মিচিকিয়া হাঁহি মাৰি কলে, "পালোঁ দিয়া, তোমাৰ মাতসাৰ বিচাৰি আছিলোঁ" । মানুহ জনৰ যে কাণ্ড । মোৰো হাঁহি উঠি গল । মোৰ হাঁহি দেখি তেওঁ বেঙাৰ নিচিনা হাঁহি কলে "বোনাচ হিচাবে তোমাৰ হাঁহিও পাই গলো" । ৰাতিপুৱাই মহাৰাজলৈ মৰম লাগি গল । থিয় হৈ গালত চুমা এটা খাবলৈ পালোঁ কি নাই, জীৱৰীয়ে চিঞৰ আৰম্ভ কৰিলেই নহয়, "পাপা মামাৰ কাত্তি দোষ্টি হৈ গল" 

Sunday, May 22, 2016

আমাৰ চহৰৰ মটৰ, তোমালোক উঠা

কটনত পঢ়ি থাকোতে গুৱাহাটীত নীলা চিটিবাছ চলিছিল। কেণ্টাৰ বিপ্লৱ অলপ অলপ আৰম্ভ হৈছিল, কিন্তু নীলা চিটিবাছ কেইখন লাইফ লাইন আছিল। সেই বাছ কেইখনত ASMTU বুলি লিখা থাখিছিল। এদিন কেলীত বহি চাহ খাই থাকোতে বেদব্ৰত দাই গহীনত সুধিলে, ঐ ASMTU মানে কি জান । আমি নবাগত, গতিকে মনে মনে থাকিলোঁ। তেওঁ হাঁহি মাৰি কলে "আমাৰ চহৰৰ মটৰ, তোমালোক উঠা" । তেনেতে এখন কেণ্টাৰ পাৰ হৈ গল। সেইখনত লিখা আছিল GBTUK । স্মাৰ্ট মেলুয়ে লগে লগে সুধিলেই নহয়, বেদদা GBTUK মানে? বেদদাও কম নহয়, নাকটো মোহাৰি গহীনত দিলে - গুৱাহাটীৰ বাছ, তহঁত উঠ কে--।

ঠাণ্ডা মাংস আৰু গৰম লুচী

ফ্ৰীজৰ পৰা ওলাই অনা ঠাণ্ডা মাংস, গোট মাৰি যোৱা জোল আৰু গৰম গৰম লুচী - এইটো মোৰ fantasy breakfast । আমাৰ দিনত সাধাৰণতে বিয়া বা উপনয়ৰ পাছদিনা ঘৰৰ মানুহ, পেণ্ডেল ভঙা মানুহ আৰু বাকি লাগিভাগি দিয়া মানুহৰ বাবে এইটো এটা ষ্টেণ্ডাৰ্ড ব্ৰেকফাষ্ট আছিল । এতিয়া খালি সোঁৱৰণি আৰু জিভাৰ পানী

মানুহজন আৰু তেওঁৰ মন

নিলিম কুমাৰৰ দৰে মোৰো মানুহৰ শৰীৰৰ ছাল মাংস তেজ আঁতৰাই দিয়াৰ পাছত যিখিনি অৱশিষ্ট থাকে, সেইখিনি ভাল লাগে । সেই খিনিত ৰূপৰ অহংকাৰ বা গুণৰ ভ্ৰম নাথাকে । থাকে মাথো মানুহজন আৰু তেওঁৰ মন ।
Whatever is left after removing the skin, muscles and blood of a person, is what I love. In that, there is no physical charm or materialistic success. Only thing left is the person himself and his thoughts.

হিমন্ত বিশ্ব শৰ্মা

ভাৰতীয় জনতা পাৰ্টিৰ সফলতাত হিমন্ত বিশ্ব শৰ্মাৰ অৱদান 90% | জাতীয় পৰ্যায়ত এজন ভাল নেতাৰ অভাৱ অসমে ভুগি আহি আছে । মোদী চৰকাৰৰ এজন মন্ত্ৰী হৈ হিমন্ত বিশ্ব শৰ্মাই সেই অভাৱতো দূৰ কৰাৰ সম্ভাৱনা আছে ।
90% credit goes to Himanta Biswa Sarma for landslide victory of BJP in Assam. Assam have always suffered because of absence of strong political representation at the center. Can we now look towards HBS to play such a role at national politics?

কিমান যে ইচ্ছা

কিমান যে ইচ্ছা । কিতাপ লিখাৰ ইচ্ছা, চিনেমা বনোৱাৰ ইচ্ছা, চাকৰি বাকৰি বাদ দি কিতাপ পঢ়া আৰু বৰশী বোৱাৰ ইচ্ছা, পৃথিৱী খন ঘূৰি ফুৰাৰ ইচ্ছা, গীটাৰ শিকাৰ ইচ্ছা, শৈশবলৈ উভতি যোৱাৰ ইচ্ছা, নাটক কৰাৰ ইচ্ছা । এটা জনম বহুত কম, আকৌ মানুহ হৈ জন্ম লোৱাৰ ইচ্ছা ।

Thursday, April 28, 2016

শ'ল বুলি মাশ'লা

সৰুতে মোৰ ছাগলীৰ মাংস কিনাত ভাল নাম আছিল। কিন্তু মাছ কিনাত সিমানে বেয়া আছিলোঁ। কিমান দিন যে শ'ল বুলি মাশ'লা নে তেনেকুৱা কিবা এবিধ মাছ কিনি পিতাৰ গালি খাইছিলোঁ। কিনা মাছ পেলাই দিবও নোৱাৰি। গতিকে গালি পাৰি পাৰিয়ে ভক্ষণ কৰিছিল। ইচ্ ইচ্ ইচ্ বামুণ হৈ মাশ'লা খাবা লাগা হচি ইচ্ ইচ্ ইচ্।
যোৱা ৰবিবাৰে ৰৌ বুলি কাত্লা মাছ আনি বুজি পাইছো, মোৰ এতিয়াও মাছ কিনাৰ খুম নাই

অশান্ত ইলেক্ট্ৰন

দশম মান শ্ৰেণীলৈ অসমীয়াতে পঢ়া শুনা কৰিলোঁ। বহুত অসমীয়া কিতাপ পঢ়িলোঁ। কিন্তু অসমীয়া লিখা বন্ধ হৈ গল। কিতাপো পঢ়া বন্ধ হৈ গল। অলপ নিজৰ দোষ, অলপ চাকৰিৰ তাড়না। তাৰ মাজতে সময় পালেই প্ৰান্তিক পঢ়োঁ। কেতিয়াবা মায়ে লৈ আহে, কেতিয়াবা মই ঘৰলৈ গলে গোগ্ৰাসে পঢ়োঁ। ৰবিবাৰ বুলি ঘৰ চাফা কৰি থাকোতে অশান্ত ইলেক্ট্ৰন বুলি মোৰ এখন পুৰণা ভালপোৱা কিতাপ পালোঁ। সৌৰভ কুমাৰ চলিহা ছাৰৰ। আজি ৰাতি শুব নাপাম যেন লাগিছে

Sunday, October 18, 2015

তাথেয়া তাথেয়া হো

এনেকুৱা মোৰ সৈতে প্ৰায়ে হয় ৷ ক’ৰবাত কেনেবাকৈ গান এটা শুনাৰ পাছত গোটেই দিনটো সেই গানটো মোৰ কাণত বাজি থাকে ৷ ক’ব নোৱাৰাকৈয়ে মই গোটেই দিনটো সেই গানটো গুণগুনাই থাকো ৷ এবাৰো মনলৈ নাহে মোৰ যে মোৰ কাৰণে ওচৰে পাজৰে থকা লোকসকলৰ ওপৰত কেনে প্ৰভাৱ পেলাব পাৰে ৷ কেতিয়াবা এনেকুৱাও হয় গৈ যে মোৰ গান শুনি শুনি মই নিজেই বিৰক্ত হৈ পৰো ৷ 
হিম্মতৱালা মোৰ ল’ৰালি দিনৰ এখন ছুপাৰ হিট চিনেমা ৷ সেই ছিনেমাখনৰ গীতবোৰো বৰ জনপ্ৰিয় আছিল ৷ সেইদিনবোৰ নলবাৰীত ৰাসৰ সময়ত মাইকবোৰত নেৰানেপেৰাকৈ মাথো হিম্মতৱালাৰ গানবোৰেই বাজি থাকে ৷ মন গহণত ক’ৰবাত লুকাই থকা সেই তাহানিৰ স্মৃতি আজি সজীৱ হৈ উঠিল যেতিয়া মই 98.3 FMত নতুন ‘তাথেয়া তাথেয়া’ গানটো শুনিলো ৷ গোটেই শুকুৰবাৰ মাথো তাথেয়া তাথেয়া কৰিয়ে থাকিলো ৷
প্ৰস্ৰাৱগাৰৰ পৰা ‘তাথেয়া তাথেয়া হো’ কৰি মোক ওলাই অহা দেখি মই নতুনকৈ নিযুক্তি দিয়া ডেকা ল’ৰাজনৰ চকুত আশ্চৰ্যৰ চাৱনি ৷ মই যেতিয়া মোৰ ওপৰৱালাৰ কক্ষলৈ ‘তাথেয়া তাথেয়া হো’ কৰি সোমাই গ’লো সেই সময়ত মোৰ ওপৰৱালাজনৰ চকুত যি চাৱনি আছিল তাৰ অৰ্থনো কি মই বুজি নাপালো ৷ নিশা মই যেতিয়া ‘তাথেয়া তাথেয়া হো’ কৰি ঘৰ সোমালো তেতিয়া মোৰ শ্ৰীমতী নিশ্চিত হ’ল মই মানসিক ভাৰসম্য হেৰুৱালো ৷
তাথেয়া তাথেয়া হো অ’
তাথেয়া তাথেয়া হো অ’
ধুম তান নান
নেইনো মেই স্বপ্না, স্বপ্নো মেই সজনা
সজনা পে ডিল আ গেয়া,
কিউ সজনা পে ডিল আ গেয়া
ধেই !!!!!!
মই এই গানটো বেয়া পাওঁ দেই !!!!!!!!!

জেঠিমূৰা

এইটো মোৰ জেঠেৰি ভাইটিৰ কাহিনী ৷ ৮০ দশকৰ আগভাগৰ কথা ৷ সেই সময়ত ভাইটিৰ খটাসুৰ হিচাবে বিশেষ নাম আছিল ৷ সেই সময়তে আকৌ ছাত্ৰ আন্দোলনো তুংগত আছিল ৷ স্কুল, কলেজ আদি প্ৰায়েই বন্ধ থাকে ৷ ৰাজপথ চৰকাৰ তথা প্ৰশাসনতন্ত্ৰৰ বিৰুদ্ধে চলা প্ৰতিবাদত মুখৰিত হৈ আছিল ৷ কে.পি.এছ. গিল চাহাবৰ নেতৃত্বত ছি.আৰ.পি. বাহিনী জপিয়াই পৰিছিল আন্দোলন দমন কৰিবলৈ ৷
সেই আন্দোলনত ভাইটিৰ পৰিয়ালৰ সকলো সদস্যই সৰ্বতো প্ৰকাৰে জপিয়াই পৰিছিল যদিও ভাইটিক আন্দোলনৰ পৰা আতৰাই ৰখা হৈছিল ৷
মোৰ শশুৰবাড়ীৰ ঠিক কাষৰ ঘৰত থকা মানুহজন চুবুৰীৰ সকলোৰে বাবে জেঠিমূৰা হিচাবেই জনাজাত আছিল ৷ জেঠিমূৰাই সেই সময়ত এখন কলেজত কেৰাণী হিচাবে কাম কৰিছিল আৰু সঁচা কথা ক’বলৈ গ’লে তেখেতৰ আছিল জীৱনৰ প্ৰতি চৰম বিতৃষ্ণা ৷ ওচৰ-চুবুৰীয়াৰ বাবে জেঠিমূৰা আছিল হাহিয়াতৰ পাত্ৰ ৷ কাম-কাজ, কথা-বতৰা তথা আচহুৱা চাল-চলনৰ বাবে জেঠিমূৰা প্ৰায়ে অৱজ্ঞাৰ সন্মুখীন হ’ব লগা হৈছিল ৷ যদিও জেঠিমূৰা সাংসাৰিক লোক আছিল তথাপিও তেখেতৰ সংসাৰ তথা সামাজিক নীতি-নিয়মৰ প্ৰতি অকণো শ্ৰদ্ধা নাছিল ৷ মানুহে এনেকৈয়ো কৈছিল তেখেতে হেনো নিজৰ ল’ৰা-ছোৱালী কেইটা কোন শ্ৰেণীত পঢ়ে তাকেই নাজানিছিল ৷ প্ৰতি নিশা তেখেত মদৰ ৰাগীত তলবল হৈ ঘৰলৈ উভটি আহে আৰু গালি শপনিৰে গোটেই চুবুৰীৰ পৰিবেশ বিনষ্ট কৰি তোলে ৷ তেখেতে কেতিয়া, কাক বা কিয় গালি-গালাজ কৰে সেইয়া চাগৈ নিজেও নাজানে ৷ কেতিয়াবা যদি মূখ্যমন্ত্ৰীক গালি পাৰে, কেতিয়াবা চুবুৰীৰ গেলমালৰ দোকানীজনক গালি পাৰে বা কেতিয়াবা আন কাৰোবাক গালি পাৰে ৷ তেখেতে গালি পাৰোঁতে তেনেই অশ্লীল, অশ্ৰাব্য শব্দ ব্যৱহাৰ কৰে ৷
অসম আন্দোলনৰ ভৰপকৰ সময়ৰে এদিনৰ কথা ৷ জেঠিমূৰাৰ আগনিশা ৰাগী বোধহয় হিচাবতকৈ অকণমান বেছি হৈছিল ৷ সেয়েহে দিনৰ প্ৰায় ১১মান বজাতহে জেঠিমূৰা কলেজলৈ বুলি ওলাল ৷ সেইদিনা আকৌ তেনে সময়তে এক প্ৰতিবাদী সমদল দিঘলীপুখুৰীৰ পাৰেৰে কাছাৰীলৈ বুলি গৈ আছিল ৷ কলেজলৈ বুলি গৈ থকা জেঠিমূৰা অজানিতে দীঘলীপুখুৰীত সেই প্ৰতিবাদী সমদলত চামিল হৈ পৰিল ৷ অকণমান আগবাঢ়িয়ে প্ৰতিবাদকাৰী সকল মুখামুখি হ’ল বন্দুক-বাৰুদেৰে সুসজ্জিত এদল ছি.আৰ.পি. তথা আৰক্ষীৰ ৷ আৰক্ষীৰ লোকে প্ৰতিবাদকাৰীসকলক আতৰি যাবলৈ আহ্বান জনালে ৷ পাছে দেশৰ বাবে এঘড়ী যুজিবলৈ ওলাই অহা প্ৰতিবাদী জনতা জপিয়াই পৰিল ছি.আৰ.পি. তথা আৰক্ষীৰ ওপৰত ৷ প্ৰতিবাদী জনতাই শিলাবৃষ্টি আৰম্ভ কৰিলে ৷ তাৰ প্ৰত্যুত্তৰত ছি.আৰ.পি.য়ে আৰম্ভ কৰিলে লাঠিচালনা ৷ সেইদিনা প্ৰতিবাদী জনতাৰ তুলনাত ছি.আৰ.পি.ৰ সংখ্যা তেনেই কম আছিল ৷ কথা নাই বতৰা নাই ওচৰতে থকা ছাত্ৰাবাসসমূহৰ পৰা ভালে মান হকীষ্টিক, লাঠি আদি প্ৰতিবাদী জনতাৰ হাতত পৰিল ৷
নিমিষতে জেঠিমূৰাৰ চৌপাশৰ পৰিস্থিতি যথেষ্ট ভয়াবহ হৈ পৰিল ৷ পাছে জেঠিমূৰা খোজ কাঢ়ি আগুৱাই গৈ থাকিল সমদলৰ সন্মুখৰ ভাগলৈ ৷ প্ৰকৃততে আগ নিশাৰ মদৰ ৰাগীয়ে তেতিয়ালৈকে হেঁচা মাৰি ধৰি থকা জেঠিমূৰাই একো গমকে ধৰিব পৰা নাছিল আচলতে হৈ কি আছে ৷ পাছে বন্দুকৰ নলী বুকুৰ ফালে টোঁৱাই থকা ছি.আৰ.পি.ৰ লোক সকলক দেখাৰ লগে লগেই জেঠিমূৰাই নিজৰ মূৰ্খামীৰ কথা বুজি পালে আৰু বজ্ৰপাত পৰা মানুহৰ দৰে একে ঠাইতে ঠিয় হৈ ৰৈ থাকিল ৷ ইতিমধ্যে হকীষ্টিক আদিৰে সুসজ্জিত প্ৰতিবাদী জনতা জপিয়াই পৰিল ছি.আৰ.পি.ৰ ওপৰত ৷ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ যোৱা যেন দেখি এটা সময়ত ছি.আৰ.পি.য়ে শূণ্যলৈ গুলী চালনা কৰিলে ৷ লগে লগেই প্ৰতিবাদী জনতাই চত্ৰভংগ দিলে ৷ কিছু সময় আগলৈকে জনতাৰে গিজ্ খাই থকা ৰাজপথত তেতিয়া মাথো সিচৰতি হৈ আছে চেন্ডেল, জোতা আৰু হকীষ্টিক ৷
সমষ্ট ঘটনাক্ৰমত স্তম্ভিত জেঠিমূৰাই কিংকৰ্তব্যবিমূঢ়হৈ অকলশৰেই সেই ৰাজপথত ঠিয় হৈ ৰ’ল ৷ বন্দুক টোঁৱাই আগুৱাই অহা ছি.আৰ.পি. লোকসকলক দেখি জেঠিমূৰাৰ মুখেৰে ফেন গুটি ওলাবলৈ ধৰিলে ৷ ছি.আৰ.পি.ৰ লোক সকলৰ লগতে থকা এজন অসম পুলিছৰ লোকে জেঠিমূৰাক সেই ঠাইৰ পৰা পলাবলৈ উপদেশ দিলে ৷
সেই উপদেশমৰ্মেই জেঠিমূৰায়ো দৌৰ মাৰিবলৈ যত্ন কৰিলে ৷ পাছে আগনিশাৰ মদৰ ৰাগী, মুৰৰ ওপৰত থকা ৰ’দৰ প্ৰকোপ আৰু আকস্মিক ঘটনাৰাজী আগত জেঠিমূৰাৰ হৃদপিণ্ড বিবশ হৈ পৰিল ৷ জেঠিমূৰা ঢলি পৰিল আৰু এটাও গুলী বা ছি.আৰ.পি.ৰ বেতৰ কোব নপৰাকৈয়ে তেওঁ সেই ৰাজপথতে শেষ নিশ্বাস ত্যাগ কৰিলে ৷
জেঠিমূৰাৰ মৃত্যুৰ খবৰ বনজুইৰ দৰে চৌপাশে বিয়পি পৰিল ৷ সেই নিশা যেতিয়া জেঠিমূৰাৰ মৃতদেহ আহি ঘৰ পালে তেতিয়া মোৰ জেঠেৰি ভাইটিহঁতৰ চুবুৰী এক জনসমুদ্ৰত পৰিণত হ’ল ৷ আগনিশালৈকে সকলোৰে হাহিয়াতৰ পাত্ৰ জেঠিমূৰা তেতিয়া জাতীয় শ্বহীদত পৰিণত হ’ল ৷ ছাত্ৰ আন্দোলনৰ সৈতে জড়িত সকলোৱে আহি জেঠিমূৰাৰ ঘৰত দেখা দিলে ৷
ঘৰৰ চৌপাশৰ হৈ-হাল্লাই ভাইটিক বাৰুকৈয়ে আকৃষ্ট কৰিলে ৷ পাছে ভাইটিৰ মাক (অৰ্থাৎ মোৰ শাহ আই) এক কথাৰ মানুহ ৷ তেওঁ সকীয়াই দিলে কোনো কাৰণতেই যেন ভাইটি জেঠিমূৰাৰ ঘৰ গৈ নাপায়৷ তেখেতে কঠোৰ নিৰ্দেশ দিলে, ভাইটিয়ে যেন নিজৰ ঘৰৰ চৌহদৰ বাহিৰলৈ ওলাই নাযায় ৷ সেই নিৰ্দেশৰ পাছতে পৰিয়ালৰ বাকী লোকসকল জেঠিমূৰাৰ ঘৰলৈ বুলি ওলাল ৷ পাছে মোৰ শহুৰ দেউতাই এই কথা অকণো ভাল পোৱা নাছিল যে জেঠিমূৰাৰ দৰে এজন সাধাৰণ লোক ৰাতিৰ ভিতৰতে এজন জাতীয় শ্বহীদত পৰিণত হ'ল ৷
পৰিয়ালৰ সকলো জেঠিমূৰাৰ ঘৰলৈ যোৱাৰ পাছত ভাইটিয়ে তেওঁৰ পঢ়া কোঠাত থকা খিড়িকিখনেৰে আপোনভোলাহৈ জেঠিমূৰাৰ ঘৰৰ ফালে চাই ৰ’ল ৷ প্ৰথমে আহিল পুলিছ, তাৰ পাছত আহিল ভি.আই.পি. সকল আৰু তাৰ পাছত আহিল সাংবাদিক সকল ৷ বহু সময় নিজকে সংযত কৰি ৰখাৰ পাছত ভাইটিয়ে আৰু নিজকে সংযত কৰিব নোৱাৰিলে ৷ একে জাপে বাঁহৰ জেওৰা পাৰ হৈ ভাইটি হাজিৰ হ’ল গৈ জেঠিমূৰাৰ কাষত ৷ জেঠিমূৰাৰ মৃতদেহৰ কাষত বহি বহি ভাইটিয়ে একান্তমনে লক্ষ্য কৰি গ’ল জেঠিমূৰাৰ মৃত্যুত সৃষ্টি হোৱা পৰিস্থিতি ৷ তাত বহু সময় পাৰ কৰি ভাইটি আকৌ সেই জেওৰাৰ বাটেৰেই ঘৰলৈ বুলি উভটি আহিল ৷ সেই নিশা ভাইটিৰ মাক-দেউতাক উভটি আহোতে বেছ পলম হ’ল ৷ ভাইটি পাছে বেছ আনন্দ মনেৰেই শুবলৈ গ’ল কাৰণ মাক-দেউতাকৰ বাধাৰ পাছতো যে তেওঁ জেঠিমূৰাৰ ঘৰলৈ গৈছিল এই কথা কোনেও গমকে নাপালে ৷
পাছদিনা পুৱাই দেউতাকৰ তৰ্জন-গৰ্জনত ভাইটিৰ টোপনি ভাঙিল ৷ দেউতাকৰ এহাতে বাতৰি কাকত আৰু আনহাতে বাঁহৰ এচাৰি ৷ ভাইটিয়ে বুজি পোৱা নাই ৰাতিপুৱাইনো তেওঁ কি এনে জগৰ লগালে যে দেউতাকৰ ইমান খং উঠিছে ৷ দেউতাকে যেতিয়া বাতৰিকাকতখন দেখুৱালে তেতিয়াহে ভাইটিয়ে বুজি পালে উৰহি গছৰ ওৰ ক’ত ! বাতৰি কাকতৰ প্ৰথম পৃষ্ঠাত জাতীয় শ্বহীদ জেঠিমূৰাৰ এখন ফটো আৰু জেঠিমূৰাৰ ফুলেৰে সুশোভিত মৃতদেহৰ কাষতে ৩২ দাঁত উলিয়াই হাঁহি থকা সৰু ল’ৰা এজনৰ ফটো !!
ভাইটিৰ মুখৰ পৰা ওলাই গ’ল, ‘‘আৰে মই দেখোন !’’
সঞ্জয় বুজৰবৰুৱা/প্ৰতিভূ দত্ত

নামেনো কি কৰে ?

প্ৰত্যেক পিতৃ-মাতৃয়েই যথেষ্ট চিন্তা চৰ্চা কৰি নিজৰ সন্তানৰ বাবে এটা নাম বাচনি কৰে আৰু এদিন তেওঁলোকে সন্তানক কলেজলৈ পঠিওৱাৰ ভুল কৰে কলেজত সন্তানৰ পুনঃনামাকৰণ হয় এই নতুন নামবোৰে ইমানেইগেহেৰাপ্ৰভাৱ বিস্তাৰ কৰে যে বন্ধুমহলত পিতৃপ্ৰদত্ত নামৰ সলনি পৰিচয় সেই ডাক নামবোৰেহে প্ৰচলিত হৈ ৰয় এই ডাক নামবোৰ কেনেকৈ, কেতিয়া আৰু কিয় প্ৰদান কৰা হৈছিল সেইবোৰ বিতৰ্কৰ বিষয় পাৰে কিন্তু বন্ধু মহলত এইবোৰ অৰ্থহীন বিতৰ্ক হিচাবেই গণ্য কৰা হয়

মেলু, গহীণ, ফেৰেকা, গলু, মিঞা, ফুলা, ফান্ডা, বিশ পইছা, জহৰা, ভাং, ডাডু এই নামবোৰ শুনিলেই আজিও মোৰ চকুৰ আগত একো একোখন স্পষ্ট মুখ কিন্তু মোক তেওঁলোকৰ পিতৃপ্ৰদত্ত নামবোৰ সুধিলেই খোকোজা লাগিবলৈ আৰম্ভ কৰে এনেকুৱা নহয় যে মাথো ৰাবোৰহে পুনঃনামাকৰণ হৈছিল ছোৱালীবোৰকো সমান উৎসাহেৰেই নতুন নাম দিয়া হৈছিল আজি মোৰ মনত পৰা তেনে কেইটামান নাম এনে ধৰণৰ স্প্ৰীং (যিগৰাকী যুৱতীৰ প্ৰতিটো খোজে তেওঁৰ নামৰ সৈতে মিলি যায়), স্নেক (সুন্দৰী অথচ মাতিবলৈ যাক অলপ ভয় কৰা যায়), বগা গাহৰী (স্বাস্থৱতী ৰূপহী), চুলি অথবা ৰুপু (যাৰ চুলিখিনি ৰূপকথাৰ ৰূপাঞ্জেলৰ দৰে), পেহী বা মামী (যিগৰাকীক বয়সত কৈ অকণমান বুঢ়ী দেখা গৈছিল বা যাৰ কোনো চিনিয়ৰৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল), জুই (আবেদনময়ী) বেছি ভাগ নামেই ৰেছিষ্ট (racist) বা ছেক্সিষ্ট (sexist) আছিল নতুবা শৰীৰিক বৈশিষ্টৰ সৈতে পোনপটীয়াকৈ জড়িত আছিল সম্বোধনকাৰীৰ বাবে এইটো মুঠেই চিন্তাৰ কাৰণ নাছিল যে যিজনক সম্বোধন কৰা হৈছে তেওঁ কি অনুভৱ কৰিছিল এতিয়া সেই কথা মনত পৰি ভাবিছো সেইটো বৰ গৰ্হিত কাম, কিন্তু সেয়ে জীৱন !
আমাৰ ওপৰৰ শ্ৰেণীৰ ফেৰেকাৰ ধেণুভেৰীয়া ভৰি আছিল তেওঁৰ কোনো বন্ধুৱে এদিন ফেৰেকা বুলি মাতি দিলে আৰু এই জীৱনটোৰ বাবেই সেই নামটো থাকি আজিও ফেৰেকাৰ মুখখন আৰু খোজটো মোৰ মনত আছে, কিন্তু তেওঁৰ পিতৃপ্ৰদত্ত নামটো মনত পৰা নাই গহীণ বৰ দেখণীয়াৰ ডেকা খোজকাটল, পোচাক, আচৰ ব্যৱহাৰ সকলো ক্ষেত্ৰতে বেছ সচেতন এদিন কোনোবাই তেওঁক সুধিলে, ‘‘অই তই ইমান গহীণত কিয় থাকে বে ?’’ আৰু সেইদিনাৰে পৰা তাৰ নামটোগহীণহৈ লাহে লাহে এই নামবোৰ ছোৱালীবোৰৰ মাজতো প্ৰচলিত বলৈ ধৰে মোৰ মনত পৰিছে যে এদিন তাৰ ব্যক্তিত্বৰে মোহান্বিত হৈ এগৰাকী কণিষ্ঠাই কেন্টিনত গহীণদা বুলি মাতিছিল আমি হাঁহিৰ কোবত কোনোমতেহে বাগৰি নপৰাকৈ থাকিলো

মোৰ ৰূমমেটৰ নামটো আছিল মেলু আচলতে তাৰ নামটো আছিল মেলা, কাৰণ তাৰ মুখখন অনবৰতে মেল খাই থাকে এদিন সেইমেলাটো কেনেবাকৈ মেলু হৈ হায়াৰ চেকেণ্ডেৰীৰ পৰীক্ষা দি মই আৰু প্ৰনৱ মেলুৰ ঢকুৱাখানাৰ ঘৰলৈ ফুৰিবলৈ লো আমি নাইট ছুপাৰেৰে গৈ পুৱতি নিশাই ঢকুৱাখানা পালো যেতিয়া প্ৰনবে সুধিছিল, ‘‘মেলু ঘৰত আছে নে ?’’ তেতিয়া খুড়ীদেউৰ মুখখন দেখিবলৈ কেনেকুৱা হৈ গৈছিল মোৰ আজিও মনত আছে পুৱতি নিশাই এনেয়ে কেচা টোপণিৰ পৰা উঠিব লগা হৈছিল তাতে আকৌ প্ৰনবে সুধিছিল খুড়ীদেউহঁতৰ ঘৰত নথকা মানুহ এজনৰ খবৰ তেখেত বাৰুকৈ বিৰক্ত হৈছিল মেলুৰ আচল নামটো সময়ত মনত পৰিলত যেনিবা পৰিস্থিতি বেয়াৰ ফাললৈ নগ কিন্তু পাছলৈ মন যেতিয়া কৰিলো খুড়াদেউ আৰু খুড়দেৱে আমাৰ সন্মুখত পুতেকক মেলু বুলি মাতিবলৈ ধৰিছে তেতিয়া আমি বাৰুকৈয়ে লাজ পালো

প্ৰতিটো নামৰ আঁৰত একোটা কাহিনী থাকে সেই কাহিনীটোৰ পৰা আন এশটা কাহিনী সৃষ্টি পৰাৰ সম্ভৱনা থাকে কিন্তু কেতিয়াবা কেতিয়াবা মাথো মুখ হাঁহি বিৰিঙাব পৰা স্মৃতিবোৰ ৰোমন্থণ কৰিও ভাল লাগে

Thursday, June 25, 2015

Chaamoni

Aamaar Bijuli mahiye biyaar agote khub sondarya sarcha korisil. Maahi dekhato dhuniya aasil. Xodai ratipuwa gakhoror samoni logailsil aaru raati fare & lovely logai xuisil. Aitai maahir karone samoni rakhi thoisil. Ephaale moi samoni khai khub bhaal paisilu.maahiye loguwar pisot baaki thoka samoni khini mok khabo disil. Xei karone moi maahik khub bhaal paisilu. Ketiyabato maahir gaar porai samoni gusai khaisilu. Maahiye emaan samoni loguwa karone sobe koisile je maahir biyaat boroxun hobo.

Hoyo, maahir biyaat bhayankar boroxun. Xoru aasilu joidio monot aase emaan boroxun disil je robhaar bhitoror 4 inchi maan paani uthi goisil. Kaxor pukhurir paani overflow hoi robhaar majere xot boisil. Logot uthisil machor ujaan. Kaoi mach. Jaak jaak kaoi mach. Tetiyar dinot biyaat band party matisil. Trumpet. Drum, clarinet, chuck aadi loi maanuh keijon maane hindi aaru axomiya gaan murchana uthaisil. Robhatolit jetiya paani somaal, band partyye bojaabo eri mach dhora arombo korisil. Mor etiyao monot aase teoloke sollista kaoi mach dhorisil aaru bondobosto koraatke adha poisa loisil. Biyaar pasot puwaraati koinai mekhela aathuloi dangi dorar ghoroloi goisil.

Xei mahiye etiya mori goleo nijor jiyekok samoni logaboloi nidiye. Aaru moi jetiyai obibahita suwaliye chaamoni lagowa dhekha pao, mor monoloi maahir mekhele dangi paani khasi khasi puwa raati dorar logot juwa drisya tu monot pore

Wednesday, October 1, 2014

জীৱনৰ গ্ৰাফ

সেইয়া ২০০০ চনৰ কথা
পাডু, ব্ৰা, প্ৰেম আৰু মই তেতিয়া বেংলোৰৰ বাসিন্দা
চাৰিজন সমভাবাপন্ন ডেকা ৰা প্ৰত্যেকৰেই দেখাত এটা সন্মানজনক উপাৰ্জন এজনৰো ওপৰত কোনো ধৰণৰ সাংসাৰিক বা পাৰিবাৰিক দ্বায়বন্ধতা নাই সহজেই অনুমেয় লাগে আমি থকা ভাৰাঘৰটোৰ পৰিস্থিতি অফিছ কাছাৰী বন্ধ থকা দিনবোৰ আমাৰ ভাৰাঘৰটো আছিল সুৰা, উচ্ছস্বৰৰ সংগীত তথা উন্মাদনাৰ কুখ্যাত ঠিকনা
প্ৰত্যেক শুক্ৰবাৰৰ সন্ধিয়া মনিপুৰৰ ফালৰ পৰা অহা পুৰীয়াৰ সৈতে আহি উপস্থিত হয় মাইনা হাতত জনী ৱাকাৰ গোল্ড লেবেলৰ বটল এটাৰ সৈতে কোনোবা বন্ধু এজন আহিযে ওলাব আমি নিশ্চিত হৈ থাকো আমি দৌৰ মাৰি গৈ কুকুৰা এটা লৈ আনো গৈ আৰম্ভ হৈ যায় পাৰ্টী !
পাছে সুৰা বা সংগীততকৈ মুখ্য আকৰ্ষণ আছিল আমাৰ মাজত চলি থকা আড্ডা ! সুৰা জীৱনত কোনোদিনে মুখত নিদিয়া ভালেমান বন্ধু আহি ওলাই মাথো ৰসাল আড্ডাত যোগ দিবলৈকে বুলি
মোৰ মনত আছে কেতিয়াবা যদি আমি ষ্টিফেন হকিংছৰ সূত্ৰটোকে প্ৰত্যাহ্বান জনাই দিওঁ আন দিনা আমি জয়ন্ত হাজৰিকাৰ গীতৰ মাজত লুকাই থকা দ্বত্যাৰ্থ বিচাৰি গীতৰ কথাৰ অস্ত্ৰোপচাৰ কৰি দিওঁ আমাৰ সেই আড্ডাত কল্পনাৰ পৰিসৰত আহিব পৰা যিকোন বিষয় কোনো দ্বিধা বা লুকঢাক ( আৰু কেতিয়াবা কাপোৰ ?) নোহোৱাকৈ আলোচনা কৰিছিলো মানি লৈছো ভাং আৰু সুৰাই যথেষ্ট সহায় কৰিছিল
তেনে এক আড্ডাতে এদিন পাডু, প্ৰেম, মাইনা প্ৰনব আৰু মোৰ মাজৰ আলোচনাৰ বিষয় হৈ পৰিল আমাৰ জীৱন তথা ভবিষ্যতৰ পৰা থকা আশা তথা আমাৰ জীবনৰ লক্ষ্য
পাডুৱে সেই সময়ত ইনফোছিছত কৰ্মৰত আছিল নকলেও পাডুৱে সেই সময়ত ভাবিব নোৱাৰা ধৰণেঅকনেদৰমহা পাইছিল আড্ডাত পাডুৱে এনে ধৰণৰ কথা এটা কৈছিল, ‘‘মোক একো নালাগে মাথো মাহে ৪০ হাজাৰ টকা উপাৰ্জন কৰিব পাৰিলেই হৈ যাব যিদিনাই সেইটো ধৰিব পাৰ তেতিয়াই মই অৱসৰ ’’
সেই সময়ত প্ৰনবে চাকৰি বিচাৰি আছিল সি আড্ডাত এনে ধৰণৰ কথা এটা কৈছিল, ‘‘যিদিনাই মই ভাল চাকৰি এটা পাম মোৰ জীৱনৰ পৰা আৰু একো আশা নাথাকে ’’
সেই সময়ত আকৌ প্ৰেম মটৰ ছাইকেলৰ ভক্ত আছিল তাৰ জীৱনত এটাই সপোন এখন এনফিল্ড বুলেট কিনা প্ৰেমে কিনিব খোজা বুলেটখনৰ দাম প্ৰায় ৭৫ হাজাৰমান টকা প্ৰেমে আড্ডাত এনে ধৰণৰ কথা এটা কৈছিল, ‘‘মই মাথো বাট চাই আছো কোন দিনা মই বুলেটখন কিনিব পৰাকৈ টকা সাচিব পাৰিম !’
মাইনাই সেই সময়ত ইঞ্জিনিয়াৰিং পঢ়ি আছিল সি সপোন আছিল ৰেডিও কী হোৱা সেই সময়ত এফ.এম. ৰেডিওৰ জনপ্ৰিয়তা আৰম্ভ হৈছিল আৰুআৰ.জেইং (RJing) বৰ আকৰ্ষণীয় জীবিকা হিচাবে পৰিগণিত হৈছিল সি আড্ডাত এনে ধৰণৰ কথা এটা কৈছিল, ‘মই এদিন আৰ.জে. হৈহে এৰিম ’’
আড্ডা বেছি ৰসাল গৈ পৰিল
যেতিয়া মোৰ পাল পৰিল মোৰ জীৱনৰ লক্ষ্য তথা সপোনৰ বিষয়ে কোৱাৰ মই হঠাতে বহাৰ পৰা উঠি দেৱালখনৰ ফালে আগুৱাই লো আৰু দেৱালতকিবাএটা আকিবলৈ আৰম্ভ কৰিলো সেই কিবাটোক চিত্ৰ বুলি কোৱাতকৈ গ্ৰাফ বুলি কোৱাই সঠিক উপস্থিত বন্ধু সকলক অবাক কৰি মোৰ হাতত থকা কটাৰিখনেৰে দেৱালত এখন গ্ৰাফৰ x-অক্ষ আৰু y-অক্ষ আকিবলৈ ধৰিলো x-অক্ষক মই সময়ৰ (time) অক্ষ হিচাবে ব্যৱহাৰ কৰিলো আৰু y-অক্ষক মই ব্যৱহাৰ কৰিলো জীৱনৰ সপোনৰ (ধন-সম্পত্তি, বাইক, চাকৰি আদি) অক্ষ হিচাবে ব্যৱহাৰ কৰিলো
অক্সফোৰ্ড বা হাবাৰ্ডৰ কোনো অধ্যাপকৰ দৰে মই মোৰ বন্ধুসকলৰ আগত বাখ্যা কৰি লো তেওঁলোকৰ সপোনাবোৰ কিমান অনৰ্থক৷ মই বুজাবলৈ ধৰিলো যে যেতিয়া x-অক্ষত দুবছৰ পাছত পাডুৰ উপাৰ্জন ৪০ হাজাৰ গৈ তেতিয়া y-অক্ষত তাৰ সপোন ৪০ৰ পৰা বাঢ়ি গৈ ৬০ হাজাৰ পাব গৈ এইোট সকলোৰে ক্ষেত্ৰত
আড্ডা গৈ বিতৰ্কত পৰিণত বিদায় লোৱা পৰলৈকে তৰ্ক-বিতৰ্ক চলিল
আমি সেই ঘৰটোত আৰু দুবছৰ থাকিলো এই জীৱনৰ গ্ৰাফ বা জীৱনৰ লেখলৈ আলোচনা তথা তৰ্ক বহুদিন চলিল এই গ্ৰাফ আমাৰ জীৱনত তথা ঘৰটোৰ দেৱালত খোদিত হৈ পৰিল যেতিয়াই কোনো নতুন বন্ধুৱে এই জীৱনৰ গ্ৰাফটো দেখে নিজৰ নিজৰ সপোনা y-অক্ষত খোদিত কৰি দিয়ে
বাংগালোৰ এৰি গুছি আহিলো লাহে লাহে মই সকলো পাহৰিলো
এদিনাখন যেতিয়া মোৰ বছৰীয়া ছোৱালীজনীয়ে বেছ নাটকীয় ভাবে ঘোষণা কৰিলে যে তাইক জীৱনত মাথো এডাল ‘‘‘jungle magic mosquito band’’ বাহিৰে আন একো নালাগে তেতিয়া মোৰ আকৌ মনত পৰি বেংলোৰৰ ভাৰাঘৰৰ দেৱালত খোদিত সেই জীৱনৰ গ্ৰাফৰ কথা সেই সন্ধিয়া মই গোটেই গুৰগাওঁৰ বিশাল শ্বপিং মলবোৰ চলাথ কৰিও যেতিয়া বিচাৰি নাপালো মোৰ জীয়ৰী বেছ অসন্তুষ্ট তাই বিভিন্ন ধৰণে বুজনি দিবলৈ যত্ন কৰিও যেতিয়া মই বিফল লো তেতিয়া মোৰ জীয়ৰীয়ে বুজিব পৰা কৈ মই মোৰজীৱনৰ গ্ৰাফৰ সূত্ৰটো তাইৰ আগত উপস্থাপন কৰিলো
‘‘তুমি জানা নে পাডুৱে এতিয়া সি সপোন দেখা ৪০ হাজাৰতকৈ গুণ বেছি উপাৰ্জন কৰে প্ৰনব এতিয়া অষ্ট্ৰেলিয়াৰ বাসিন্দা. প্ৰেমে এতিয়া ইচ্ছা কৰিলে এখন নালাগে এটা এনফিল্ড শ্বোৰূমকে কিনি দিব পাৰিব ’’মই মোৰ বছৰীয়া জীয়ৰীক বুজনি দিবলৈ ধৰিলো
জীয়ৰীয়ে বেছ মনযোগেৰে কথাখিনি শুনিলে, কিবা এটা চিন্তা কৰিলে আৰু তাৰ পাছত অলপ আচৰিত হৈ সুধিলে, ‘’আৰু তুমি এতিয়াও গ্ৰাফ আকি আছা ?’’