Sunday, May 22, 2016

আমাৰ চহৰৰ মটৰ, তোমালোক উঠা

কটনত পঢ়ি থাকোতে গুৱাহাটীত নীলা চিটিবাছ চলিছিল। কেণ্টাৰ বিপ্লৱ অলপ অলপ আৰম্ভ হৈছিল, কিন্তু নীলা চিটিবাছ কেইখন লাইফ লাইন আছিল। সেই বাছ কেইখনত ASMTU বুলি লিখা থাখিছিল। এদিন কেলীত বহি চাহ খাই থাকোতে বেদব্ৰত দাই গহীনত সুধিলে, ঐ ASMTU মানে কি জান । আমি নবাগত, গতিকে মনে মনে থাকিলোঁ। তেওঁ হাঁহি মাৰি কলে "আমাৰ চহৰৰ মটৰ, তোমালোক উঠা" । তেনেতে এখন কেণ্টাৰ পাৰ হৈ গল। সেইখনত লিখা আছিল GBTUK । স্মাৰ্ট মেলুয়ে লগে লগে সুধিলেই নহয়, বেদদা GBTUK মানে? বেদদাও কম নহয়, নাকটো মোহাৰি গহীনত দিলে - গুৱাহাটীৰ বাছ, তহঁত উঠ কে--।

ঠাণ্ডা মাংস আৰু গৰম লুচী

ফ্ৰীজৰ পৰা ওলাই অনা ঠাণ্ডা মাংস, গোট মাৰি যোৱা জোল আৰু গৰম গৰম লুচী - এইটো মোৰ fantasy breakfast । আমাৰ দিনত সাধাৰণতে বিয়া বা উপনয়ৰ পাছদিনা ঘৰৰ মানুহ, পেণ্ডেল ভঙা মানুহ আৰু বাকি লাগিভাগি দিয়া মানুহৰ বাবে এইটো এটা ষ্টেণ্ডাৰ্ড ব্ৰেকফাষ্ট আছিল । এতিয়া খালি সোঁৱৰণি আৰু জিভাৰ পানী

মানুহজন আৰু তেওঁৰ মন

নিলিম কুমাৰৰ দৰে মোৰো মানুহৰ শৰীৰৰ ছাল মাংস তেজ আঁতৰাই দিয়াৰ পাছত যিখিনি অৱশিষ্ট থাকে, সেইখিনি ভাল লাগে । সেই খিনিত ৰূপৰ অহংকাৰ বা গুণৰ ভ্ৰম নাথাকে । থাকে মাথো মানুহজন আৰু তেওঁৰ মন ।
Whatever is left after removing the skin, muscles and blood of a person, is what I love. In that, there is no physical charm or materialistic success. Only thing left is the person himself and his thoughts.

হিমন্ত বিশ্ব শৰ্মা

ভাৰতীয় জনতা পাৰ্টিৰ সফলতাত হিমন্ত বিশ্ব শৰ্মাৰ অৱদান 90% | জাতীয় পৰ্যায়ত এজন ভাল নেতাৰ অভাৱ অসমে ভুগি আহি আছে । মোদী চৰকাৰৰ এজন মন্ত্ৰী হৈ হিমন্ত বিশ্ব শৰ্মাই সেই অভাৱতো দূৰ কৰাৰ সম্ভাৱনা আছে ।
90% credit goes to Himanta Biswa Sarma for landslide victory of BJP in Assam. Assam have always suffered because of absence of strong political representation at the center. Can we now look towards HBS to play such a role at national politics?

কিমান যে ইচ্ছা

কিমান যে ইচ্ছা । কিতাপ লিখাৰ ইচ্ছা, চিনেমা বনোৱাৰ ইচ্ছা, চাকৰি বাকৰি বাদ দি কিতাপ পঢ়া আৰু বৰশী বোৱাৰ ইচ্ছা, পৃথিৱী খন ঘূৰি ফুৰাৰ ইচ্ছা, গীটাৰ শিকাৰ ইচ্ছা, শৈশবলৈ উভতি যোৱাৰ ইচ্ছা, নাটক কৰাৰ ইচ্ছা । এটা জনম বহুত কম, আকৌ মানুহ হৈ জন্ম লোৱাৰ ইচ্ছা ।