Thursday, April 28, 2016

শ'ল বুলি মাশ'লা

সৰুতে মোৰ ছাগলীৰ মাংস কিনাত ভাল নাম আছিল। কিন্তু মাছ কিনাত সিমানে বেয়া আছিলোঁ। কিমান দিন যে শ'ল বুলি মাশ'লা নে তেনেকুৱা কিবা এবিধ মাছ কিনি পিতাৰ গালি খাইছিলোঁ। কিনা মাছ পেলাই দিবও নোৱাৰি। গতিকে গালি পাৰি পাৰিয়ে ভক্ষণ কৰিছিল। ইচ্ ইচ্ ইচ্ বামুণ হৈ মাশ'লা খাবা লাগা হচি ইচ্ ইচ্ ইচ্।
যোৱা ৰবিবাৰে ৰৌ বুলি কাত্লা মাছ আনি বুজি পাইছো, মোৰ এতিয়াও মাছ কিনাৰ খুম নাই

অশান্ত ইলেক্ট্ৰন

দশম মান শ্ৰেণীলৈ অসমীয়াতে পঢ়া শুনা কৰিলোঁ। বহুত অসমীয়া কিতাপ পঢ়িলোঁ। কিন্তু অসমীয়া লিখা বন্ধ হৈ গল। কিতাপো পঢ়া বন্ধ হৈ গল। অলপ নিজৰ দোষ, অলপ চাকৰিৰ তাড়না। তাৰ মাজতে সময় পালেই প্ৰান্তিক পঢ়োঁ। কেতিয়াবা মায়ে লৈ আহে, কেতিয়াবা মই ঘৰলৈ গলে গোগ্ৰাসে পঢ়োঁ। ৰবিবাৰ বুলি ঘৰ চাফা কৰি থাকোতে অশান্ত ইলেক্ট্ৰন বুলি মোৰ এখন পুৰণা ভালপোৱা কিতাপ পালোঁ। সৌৰভ কুমাৰ চলিহা ছাৰৰ। আজি ৰাতি শুব নাপাম যেন লাগিছে