Wednesday, October 1, 2014

জীৱনৰ গ্ৰাফ

সেইয়া ২০০০ চনৰ কথা
পাডু, ব্ৰা, প্ৰেম আৰু মই তেতিয়া বেংলোৰৰ বাসিন্দা
চাৰিজন সমভাবাপন্ন ডেকা ৰা প্ৰত্যেকৰেই দেখাত এটা সন্মানজনক উপাৰ্জন এজনৰো ওপৰত কোনো ধৰণৰ সাংসাৰিক বা পাৰিবাৰিক দ্বায়বন্ধতা নাই সহজেই অনুমেয় লাগে আমি থকা ভাৰাঘৰটোৰ পৰিস্থিতি অফিছ কাছাৰী বন্ধ থকা দিনবোৰ আমাৰ ভাৰাঘৰটো আছিল সুৰা, উচ্ছস্বৰৰ সংগীত তথা উন্মাদনাৰ কুখ্যাত ঠিকনা
প্ৰত্যেক শুক্ৰবাৰৰ সন্ধিয়া মনিপুৰৰ ফালৰ পৰা অহা পুৰীয়াৰ সৈতে আহি উপস্থিত হয় মাইনা হাতত জনী ৱাকাৰ গোল্ড লেবেলৰ বটল এটাৰ সৈতে কোনোবা বন্ধু এজন আহিযে ওলাব আমি নিশ্চিত হৈ থাকো আমি দৌৰ মাৰি গৈ কুকুৰা এটা লৈ আনো গৈ আৰম্ভ হৈ যায় পাৰ্টী !
পাছে সুৰা বা সংগীততকৈ মুখ্য আকৰ্ষণ আছিল আমাৰ মাজত চলি থকা আড্ডা ! সুৰা জীৱনত কোনোদিনে মুখত নিদিয়া ভালেমান বন্ধু আহি ওলাই মাথো ৰসাল আড্ডাত যোগ দিবলৈকে বুলি
মোৰ মনত আছে কেতিয়াবা যদি আমি ষ্টিফেন হকিংছৰ সূত্ৰটোকে প্ৰত্যাহ্বান জনাই দিওঁ আন দিনা আমি জয়ন্ত হাজৰিকাৰ গীতৰ মাজত লুকাই থকা দ্বত্যাৰ্থ বিচাৰি গীতৰ কথাৰ অস্ত্ৰোপচাৰ কৰি দিওঁ আমাৰ সেই আড্ডাত কল্পনাৰ পৰিসৰত আহিব পৰা যিকোন বিষয় কোনো দ্বিধা বা লুকঢাক ( আৰু কেতিয়াবা কাপোৰ ?) নোহোৱাকৈ আলোচনা কৰিছিলো মানি লৈছো ভাং আৰু সুৰাই যথেষ্ট সহায় কৰিছিল
তেনে এক আড্ডাতে এদিন পাডু, প্ৰেম, মাইনা প্ৰনব আৰু মোৰ মাজৰ আলোচনাৰ বিষয় হৈ পৰিল আমাৰ জীৱন তথা ভবিষ্যতৰ পৰা থকা আশা তথা আমাৰ জীবনৰ লক্ষ্য
পাডুৱে সেই সময়ত ইনফোছিছত কৰ্মৰত আছিল নকলেও পাডুৱে সেই সময়ত ভাবিব নোৱাৰা ধৰণেঅকনেদৰমহা পাইছিল আড্ডাত পাডুৱে এনে ধৰণৰ কথা এটা কৈছিল, ‘‘মোক একো নালাগে মাথো মাহে ৪০ হাজাৰ টকা উপাৰ্জন কৰিব পাৰিলেই হৈ যাব যিদিনাই সেইটো ধৰিব পাৰ তেতিয়াই মই অৱসৰ ’’
সেই সময়ত প্ৰনবে চাকৰি বিচাৰি আছিল সি আড্ডাত এনে ধৰণৰ কথা এটা কৈছিল, ‘‘যিদিনাই মই ভাল চাকৰি এটা পাম মোৰ জীৱনৰ পৰা আৰু একো আশা নাথাকে ’’
সেই সময়ত আকৌ প্ৰেম মটৰ ছাইকেলৰ ভক্ত আছিল তাৰ জীৱনত এটাই সপোন এখন এনফিল্ড বুলেট কিনা প্ৰেমে কিনিব খোজা বুলেটখনৰ দাম প্ৰায় ৭৫ হাজাৰমান টকা প্ৰেমে আড্ডাত এনে ধৰণৰ কথা এটা কৈছিল, ‘‘মই মাথো বাট চাই আছো কোন দিনা মই বুলেটখন কিনিব পৰাকৈ টকা সাচিব পাৰিম !’
মাইনাই সেই সময়ত ইঞ্জিনিয়াৰিং পঢ়ি আছিল সি সপোন আছিল ৰেডিও কী হোৱা সেই সময়ত এফ.এম. ৰেডিওৰ জনপ্ৰিয়তা আৰম্ভ হৈছিল আৰুআৰ.জেইং (RJing) বৰ আকৰ্ষণীয় জীবিকা হিচাবে পৰিগণিত হৈছিল সি আড্ডাত এনে ধৰণৰ কথা এটা কৈছিল, ‘মই এদিন আৰ.জে. হৈহে এৰিম ’’
আড্ডা বেছি ৰসাল গৈ পৰিল
যেতিয়া মোৰ পাল পৰিল মোৰ জীৱনৰ লক্ষ্য তথা সপোনৰ বিষয়ে কোৱাৰ মই হঠাতে বহাৰ পৰা উঠি দেৱালখনৰ ফালে আগুৱাই লো আৰু দেৱালতকিবাএটা আকিবলৈ আৰম্ভ কৰিলো সেই কিবাটোক চিত্ৰ বুলি কোৱাতকৈ গ্ৰাফ বুলি কোৱাই সঠিক উপস্থিত বন্ধু সকলক অবাক কৰি মোৰ হাতত থকা কটাৰিখনেৰে দেৱালত এখন গ্ৰাফৰ x-অক্ষ আৰু y-অক্ষ আকিবলৈ ধৰিলো x-অক্ষক মই সময়ৰ (time) অক্ষ হিচাবে ব্যৱহাৰ কৰিলো আৰু y-অক্ষক মই ব্যৱহাৰ কৰিলো জীৱনৰ সপোনৰ (ধন-সম্পত্তি, বাইক, চাকৰি আদি) অক্ষ হিচাবে ব্যৱহাৰ কৰিলো
অক্সফোৰ্ড বা হাবাৰ্ডৰ কোনো অধ্যাপকৰ দৰে মই মোৰ বন্ধুসকলৰ আগত বাখ্যা কৰি লো তেওঁলোকৰ সপোনাবোৰ কিমান অনৰ্থক৷ মই বুজাবলৈ ধৰিলো যে যেতিয়া x-অক্ষত দুবছৰ পাছত পাডুৰ উপাৰ্জন ৪০ হাজাৰ গৈ তেতিয়া y-অক্ষত তাৰ সপোন ৪০ৰ পৰা বাঢ়ি গৈ ৬০ হাজাৰ পাব গৈ এইোট সকলোৰে ক্ষেত্ৰত
আড্ডা গৈ বিতৰ্কত পৰিণত বিদায় লোৱা পৰলৈকে তৰ্ক-বিতৰ্ক চলিল
আমি সেই ঘৰটোত আৰু দুবছৰ থাকিলো এই জীৱনৰ গ্ৰাফ বা জীৱনৰ লেখলৈ আলোচনা তথা তৰ্ক বহুদিন চলিল এই গ্ৰাফ আমাৰ জীৱনত তথা ঘৰটোৰ দেৱালত খোদিত হৈ পৰিল যেতিয়াই কোনো নতুন বন্ধুৱে এই জীৱনৰ গ্ৰাফটো দেখে নিজৰ নিজৰ সপোনা y-অক্ষত খোদিত কৰি দিয়ে
বাংগালোৰ এৰি গুছি আহিলো লাহে লাহে মই সকলো পাহৰিলো
এদিনাখন যেতিয়া মোৰ বছৰীয়া ছোৱালীজনীয়ে বেছ নাটকীয় ভাবে ঘোষণা কৰিলে যে তাইক জীৱনত মাথো এডাল ‘‘‘jungle magic mosquito band’’ বাহিৰে আন একো নালাগে তেতিয়া মোৰ আকৌ মনত পৰি বেংলোৰৰ ভাৰাঘৰৰ দেৱালত খোদিত সেই জীৱনৰ গ্ৰাফৰ কথা সেই সন্ধিয়া মই গোটেই গুৰগাওঁৰ বিশাল শ্বপিং মলবোৰ চলাথ কৰিও যেতিয়া বিচাৰি নাপালো মোৰ জীয়ৰী বেছ অসন্তুষ্ট তাই বিভিন্ন ধৰণে বুজনি দিবলৈ যত্ন কৰিও যেতিয়া মই বিফল লো তেতিয়া মোৰ জীয়ৰীয়ে বুজিব পৰা কৈ মই মোৰজীৱনৰ গ্ৰাফৰ সূত্ৰটো তাইৰ আগত উপস্থাপন কৰিলো
‘‘তুমি জানা নে পাডুৱে এতিয়া সি সপোন দেখা ৪০ হাজাৰতকৈ গুণ বেছি উপাৰ্জন কৰে প্ৰনব এতিয়া অষ্ট্ৰেলিয়াৰ বাসিন্দা. প্ৰেমে এতিয়া ইচ্ছা কৰিলে এখন নালাগে এটা এনফিল্ড শ্বোৰূমকে কিনি দিব পাৰিব ’’মই মোৰ বছৰীয়া জীয়ৰীক বুজনি দিবলৈ ধৰিলো
জীয়ৰীয়ে বেছ মনযোগেৰে কথাখিনি শুনিলে, কিবা এটা চিন্তা কৰিলে আৰু তাৰ পাছত অলপ আচৰিত হৈ সুধিলে, ‘’আৰু তুমি এতিয়াও গ্ৰাফ আকি আছা ?’’

Jai Ma Durga

ধাম ধুম গুলি
ফত ফত বেলুন
চেনী চেনী জিলাপী
নতুন নতুন কাপোৰ
গৰম গৰম ভোগ
জাক জাক মানুহ
শেৱালী শেৱালী গোন্ধ
তুপ তুপ নিঁয়ৰ
ধাক ধাক ধোল
ফক ফক মেল
ফিচ ফিচ হাহি

পুজা পুজা লাগিছে......